দেশত পুনৰ অভ্যুত্থান ঘটিছে নেকি কংগ্ৰেছৰ ? কৰ্নাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে বিজেপি এৰি যোগদান কৰিলে কংগ্ৰেছত

author-image
Asomiya Pratidin
New Update
দেশত পুনৰ অভ্যুত্থান ঘটিছে নেকি কংগ্ৰেছৰ ? কৰ্নাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে বিজেপি এৰি যোগদান কৰিলে কংগ্ৰেছত

ডিজিটেল ডেস্ক : ২০১৪ চনত কেন্দ্ৰীয় চৰকাৰৰ ৰূপত প্ৰৱেশ ঘটিছিল বিজেপিৰ । কংগ্ৰেছৰ ৭০ বছৰীয়া পৰিয়ালকেন্দ্ৰিক শাসনৰ অন্ত পেলাই মুখ্য বিৰোধী দল বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰাই ক্ৰমাৎ অস্তিত্বৰ সংকটত ভুগিছিল কংগ্ৰেছে । এখন এখনকৈ সকলো ৰাজ্যতেই শাসনভাৰ হেৰুৱাই পেলোৱা কংগ্ৰেছৰ বাবে প্ৰয়োজন আছিল এক পৰিৱৰ্তনৰ । যি পৰিৱৰ্তনত দেশৰ সকলো লোক চামিল হ'ব পৰাৰ ওপৰিও কংগ্ৰেছ যে পূৰ্বৰ পৰিয়ালকেন্দ্ৰিক শাসননীতিৰ পৰা মুক্ত সেই কথা প্ৰমাণ কৰাটো জৰুৰী আছিল ।

এই দুয়োটা নীতিয়েই পালন কৰিলে কংগ্ৰেছে । একেসময়তেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত গান্ধী পৰিয়ালৰ পৰিৱৰ্তে মল্লিকাৰ্জুন খাৰ্গে উপৱিষ্ট হ'ল আৰু ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ হ'ল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা । এই দুয়োটা কথাই প্ৰমাণ কৰি দিলে যে এই পৰিৱৰ্তনৰ বাবে কংগ্ৰেছ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে হ'লেও সাজু ।

ফলত দেশত কংগ্ৰেছৰ সমৰ্থনত এক জনমত সৃষ্টি হোৱা দেখা গ'ল । তাৰ পাছতেই উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ ৰাজ্য ক্ৰমে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত আছিল বিধানসভা নিৰ্বাচন । সেই নিৰ্বাচনতো কংগ্ৰেছৰ উত্থান পৰিলক্ষিত হোৱাৰ লগতে বিজেপিৰ শক্তি হ্ৰাস হোৱা দেখা গ'ল । চাপত পৰিল বিজেপি । এনেদৰে হ'লে অতি শীঘ্ৰেই হয়তো দেশেও পৰিৱৰ্তন বিচাৰিব ।

নিৰ্বাচনৰ দুটা মাহ পাছতেই ৰাহুল গান্ধীয়ে হেৰুৱালে সাংসদ পদ, কাৰাদণ্ড বিহা হ'ল ৰাহুল গান্ধীক । অৱশ্যে বৰ্তমানো ন্যায়িক কাম-কাজ শেষ হৈ উঠা নাই শাস্তি বিহিবলৈ । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজেই যেন কাল হৈ পৰিল বিজেপিৰ, কংগ্ৰেছৰ বাবে ই হৈ পৰিল ট্ৰাম্প কাৰ্ড । দেশে বিশ্বাস কৰিবলৈ বাধ্য হ'ল বহু ক্ষেত্ৰত হয়তো ক্ষমতাৰ অপপ্ৰয়োগ হৈছে দেশত ।

আনহাতে সন্মুখত কৰ্ণাটক বিধানসভা নিৰ্বাচন । ১০ মে'ত ভোটদান প্ৰক্ৰিয়া । ইতিমধ্যে সকলো দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত । দাক্ষিণাত্যত কৰ্ণাটকেই কংগ্ৰেছৰ দুৰ্গ । আন ৰাজ্য সমূহতকৈ কৰ্ণাটকতেই অত বছৰে কংগ্ৰেছে বিনা প্ৰতিদ্বন্দিতাই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিল ।

তাৰ মাজতেই বিজেপিয়ে লাভ কৰিলে এক প্ৰচণ্ড খুন্দা । বিজেপিৰ জ্যেষ্ঠ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰে বিজেপি এৰি যোগদান কৰিলে কংগ্ৰেছত । ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালাৰ উপস্থিতিত জগদীশ শ্বেট্টাৰে যোগদান কৰিলে বিজেপিত ।

অৱশ্যে ইয়াৰ অন্তৰালৰ মূল কাৰণ আদৰ্শগত নহয় বৰং ৰাজনৈতিক হে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক পূৰ্বৰ সমষ্টি হুবলি-ঢাৰবাডত বিধানসভাৰ টিকেট নিদিয়াৰ বাবে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে । এই পদক্ষেপ এতিয়া বিজেপিৰ বাবে লাভদায়ক হয় নে কংগ্ৰেছৰ বাবে সেইয়া হ'ব লক্ষণীয় ।

Also Read: ৰাজহুৱা নামঘৰ নিৰ্মাণৰ পণ লৈ বিহু মাৰিবলৈ ওলাই আহিল টকৌবাৰী গাঁৱৰ দুই শতাধিক মহিলা

narendra modi rahul gandhi indian national congress bharatiya janata party