ডিজিটেল ডেস্কঃ উত্তপ্ত হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। নবাব মালিক সন্দৰ্ভত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ আৰু অজিত পাৱাৰৰ মাজত বিবাদ চলি আছে। ইয়াক লৈ ফাডনাভিছে অজিত পাৱাৰলৈ এখন পত্ৰ লিখি শাসকীয় দলত নৱাব মালিকক অন্তৰ্ভুক্ত কৰাক লৈ আপত্তি দৰ্শাইছে।
ফাডনাভিছে পত্ৰত লিখিছে যে, নৱাব মালিকৰ বিৰুদ্ধে যি সমূহ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে, সেই সমূহ লক্ষ্য কৰি মালিকক মিত্ৰজোটত অন্তৰ্ভুক্ত কৰাতো ঠিক নহব। লগতে এয়াও লিখে যে ক্ষমতা আহে- যায়, কিন্তু দেশ সদায় শীৰ্ষত।
উল্লেখ্য যে জামিন লৈ বৰ্তমান কাৰাগাৰমুক্ত হৈ আছে নবাব মালিক। কাৰাগাৰৰ পৰা ওলাই আহি নাগপুৰত হৈ থকা বিধানসভা অধিৱেশনত উপস্থিত হয় আৰু শাসকীয় বিচাৰপীঠত বহি আছিল। ইয়াত অজিত পাৱাৰৰ বিধায়কসকলো বহি আছিল।
নবাব মালিক আণ্ডাৰ ৱাৰ্ল্ডৰ ৰকা মাটি ক্ৰয় কৰাৰ অভিযোগত জেললৈ যাব লগা হৈছিল। ন মাহ কাৰাগাৰত কটোৱাৰ পিছত তেওঁ বৰ্তমান জামিনত আছে। শীতকালীন অধিৱেশনৰ প্ৰথম দিনা বিধানসভাত তেওঁৰ উপস্থিতি আলোচনাৰ এটা মুখ্য বিষয় আছিল। তাৰ পিছত ফাডনাভিছে অজিত পাৱাৰলৈ এখন পত্ৰ লিখিছিল।
সূত্ৰ অনুসৰি, ফাডনাভিছে পত্ৰখনত লিখিছে যে যদি তেওঁৰ বিৰুদ্ধে অভিযোগ ভুল প্ৰমাণিত হয়, তেন্তে আমি তেওঁক স্বাগতম জনোৱা উচিত। কিন্তু তেওঁৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপিত হৈ আছে গতিকে তেওঁক মিত্ৰতাৰ অংশ কৰাটো উচিত নহয়।
Also Read: ক্ৰিকেট খেলি থাকোতেই আৰক্ষী বিষয়ালৈ সন্ত্ৰাসবাদীৰ গুলী, ৩৯দিন পাছত মৃত্যু