ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ফাতিমা বিভীৰ মৃ্ত্যু। বৃহস্পতিবাৰে এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬।
ইয়াৰোপৰি উচ্চ ন্যায়পালিকাত নিযুক্ত হোৱা তেওঁ প্ৰথম মুছলমান মহিলা আছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হোৱা উচ্চতম ন্যায়ালয়ত আৰাম্ভণীৰে পৰা খুব কম মহিলা ন্যায়াধীশে নিযুক্তি লাভ কৰিছিল। ৭১ বছৰতকৈও অধিক সময়ত মাত্ৰ ৮ গৰাকীমানহে মহিলা ন্যায়াধীশ আছিল। আৰু ইয়াৰ আৰাম্ভণী ফাতিমা বিভীয়ে ১৯৮৯ চনত কৰিছিল।
ফাতিমা বিভীৰ জন্ম হৈছিল ১৯২৭ চনৰ ৩০ এপ্ৰিলত কেৰালা। আইনৰ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁক পিতৃয়ে উৎসাহিত কৰিছিল। ১৯৫০ চনত তেওঁ বাৰ কাউন্সিলৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে বিবেচিত হয়।