ডিজিটেল ডেস্ক: কংগ্ৰেছৰ দুই বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে এগৰাকী মহিলাই এজাহাৰ দাখিল কৰে। মধ্যপ্ৰদেশৰ এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰা অনুসৰি তেওঁ ৰে'লেৰে আহি থকা সময়ত দুই গৰাকী বিধায়ক সুৰামক্ত অৱস্থাত আছিল। তাৰ পাছতেই মহিলাগৰাকীক অশ্লীল শব্দ কোৱাৰ লগতে নিৰ্যাতন চলাইছিল।
ৰেৱা-হাবিবগঞ্জ ৰেৱাঞ্চল এক্সপ্ৰেছত মহিলা গৰাকী নিজ সন্তানৰ লগত আহি থকা অৱস্থাত এই সমগ্ৰ ঘটনা স্বামীক ফোন কৰি কৈছিল।
মহিলাগৰাকীৰ স্বামীয়ে সহায়ৰ বাবে টুইট কৰিছিল আৰু পাছত ৰে'লৱে আৰক্ষীয়ে মহিলাগৰাকীক সহায় কৰিছিল।
এগৰাকী মহিলাৰ শালীনতাত আঘাত কৰাৰ বাবে মধ্যপ্ৰদেশৰ সতনাৰ বিধায়ক সিদ্ধাৰ্থ কুশৱাহা আৰু কোটমাৰ বিধায়ক সুনীল সৰাফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। দুই অভিযুক্তই কয় যে এই অভিযোগ ভিত্তিহীন।
অন্যহাতে মহিলা গৰাকীয়ে কয় যে, ৰেলেৰে আহি থকা অৱস্থাত দুয়ো তেওঁৰ সন্মুখৰ আসনত বহি আহাৰ গ্ৰহণ কৰি আছিল। তেতিয়াই প্ৰথমে মহিলা গৰাকীক স্পৰ্শ কৰাৰ চেষ্টা কৰিছিল আৰু পাছত অশালীন শব্দ ব্যৱহাৰ কৰিছিল।