বহুমহলীয়া অট্টালিকাৰ পাবত অগ্নিকাণ্ডঃ প্ৰাণৰ মমতাত জপিয়ালে এজনে...

বহুমহলীয়া অট্টালিকাৰ পাব অগ্নিকাণ্ডঃ প্ৰাণৰ মমতাত জপিয়ালে এজনে...
বহুমহলীয়া অট্টালিকাৰ পাব অগ্নিকাণ্ডঃ প্ৰাণৰ মমতাত জপিয়ালে এজনে...
Published on
Updated on

ডিজিটেল ডেস্কঃ বেংগালুৰুৰ কোৰমঙ্গলা অঞ্চলৰ এটা বহুমহলীয়া অট্টালিকাত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। ঘটনাৰ প্ৰাথমিক খবৰ অনুসৰি অট্টালিকাটোৰ চতুৰ্থ মহলাত থকা এখন পাবত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁলোকে অগ্নিকাণ্ডৰ সময়ত এটা প্ৰকাণ্ড বিস্ফোৰণৰ শব্দ শুনিছিল। তেওঁলোকে অট্টালিকাটোৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখিবলৈ পাইছিল।

ইফালে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে প্ৰাণৰ মমতাত এজন লোকে অট্টালিকাটোৰ পৰা জাপ দিছে। ব্যক্তিগৰাকীয়ে চাৰি মহলাৰ ওপৰৰ পৰা জপিওৱা সেই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে।  

ঘটনা সংঘটিত হোৱাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক গৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু জুই নিৰ্বাপিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

অৱশ্যে এই পৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই। অট্টালিকাটোৰ পৰা ক’লা ধোঁৱা উলাই থকা দেখি স্থানীয় লোকে প্ৰথমে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল বুলি জানিব পৰা গৈছে।

ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোত বহু লোক আৱদ্ধ হৈ আছিল। এই লোকসকলক উদ্ধাৰকাৰী আহি পোৱাৰ পূৰ্বেই স্থানীয় লোকে উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা কৰা বুলিও অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জানিবলৈ দিছে।

বহুমহলীয়া অট্টালিকাৰ পাব অগ্নিকাণ্ডঃ প্ৰাণৰ মমতাত জপিয়ালে এজনে...
'২০২৪ ৰ লোকসভা নিৰ্বাচনত ৩ গগৈয়ে লাভ নকৰে এসনো আসন'- ৰূপজ্যোতি কুৰ্মী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in