এইবাৰ ওড়িশাত যাত্ৰীবাহী ৰে'লত অগ্নিকাণ্ড...

এইবাৰ ওড়িশাত যাত্ৰীবাহী ৰে'লত অগ্নিকাণ্ড...

author-image
Asomiya Pratidin
New Update
এইবাৰ ওড়িশাত যাত্ৰীবাহী ৰে'লত অগ্নিকাণ্ড...

এইবাৰ ওড়িশাত যাত্ৰীবাহী ৰে'লত অগ্নিকাণ্ড...

ডিজিটেল ডেস্কঃ কালিকা লাগিছে নেকি ভাৰতীয় ৰে'লৱেত। বিপদে যেন লগ এৰা নাই ভাৰতীয় ৰে'লৱেক। এটাৰ পাছত আন এটা দুৰ্ঘটনা। এইবাৰ ৰে'লত সংঘটিত হ'ল অগ্নিকাণ্ড।

আৰু এই ঘটনাও সংঘটিত হ'ল ওড়িশাতেই। যোৱা ২ জুনত বালাছোৰত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটানৰ পাছৰ পৰাই এটাৰ পাছত এটাকৈ ৰে'ল দুৰ্ঘটনা সংঘটিত হৈ অহাৰ মাজতে এইদৰে পুনৰ অগ্নিকাণ্ড সংঘটিত হোৱাত এতিয়া ৰে'লৰ সুৰক্ষাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ওড়িশাৰ খৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত দুৰ্গ-পুৰী এক্সপ্ৰেছ ৰে'লখনত সংঘটিত হয় এই অগ্নিকাণ্ড। ৰে'লখনৰ বি-৩ এচি ডবাৰ ব্ৰেক পেডৰ ওচৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

স্থানীয় লোকে প্ৰথমে এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে। পৰৱৰ্তী সময়ত ডবাটোৰ ভিতৰত থকা যাত্ৰীসকল বাহিৰলৈ ওলাই আহে। ফলত এক আটংকময় পৰিস্থিতিৰ সূচনা হয়।

অৱশ্যে এই অগ্নিকাণ্ডই বিশেষ ক্ষতি কৰিব নোৱাৰিলে। স্থানীয় ৰে'ল কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে অতি ততাতৈয়াকৈ জুই নিৰ্বাপন কৰে।

ইয়াৰ পাছত নিশা ১১ বজাত ৰে'লখন পুনৰ লক্ষ্যস্থানলৈ ৰাওনা হয়। মন কৰিবলগীয়া যে, চলিত মাহত প্ৰায় এটা সপ্তাহতে সংঘটিত হ'ল চাৰিটাকৈ ৰে'ল দুৰ্ঘটনা। ২ জুনত বালাছোৰৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনাৰ পাছত ক্ৰমে ৫,৭ আৰু ৮ জুনত ক্ৰমে ঝাৰখণ্ড, অসম, মধ্যপ্ৰদেশ আৰু ওড়িশাত সংঘটিত হৈছে ৰে'ল দুৰ্ঘটনা।

ইফালে ২ জুনৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনাৰ মাত্ৰ ২ দিন পাছত আকৌ ওড়িশাত এটা ব্যক্তিগত লাইনতো মালবাহী ৰে'লৰ ডবা লাইনচ্যুত হোৱাৰ খবৰ আহিছিল। মধ্যপ্ৰদেশত জিৰণী লৈ থকা অৱস্থাত ৬ জন শ্ৰমিক এখন মালবাহী ৰে'ল লাইনচ্যুত হোৱাৰ ফলত মৃত্যু হৈছিল।

অসমত আকৌ কয়লা ভৰ্তি এখন মালবাহী ৰে'লৰ ১৫ টাকৈ ডবা লাইচ্যুত হৈছিল। মাত্ৰ এটা সপ্তাহৰ ভিতৰত এইদৰে দেশৰ কেইবাটাও প্ৰান্তত এইদৰে বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত এতিয়া প্ৰশ্ন উঠিছে, কৌটিকলীয়া ব্যৱস্থাৰে চলি থকা ভাৰতীয় ৰে'লৱেত কালিকা লাগিছে নেকি?

কিয় বাৰে বাৰে এইদৰে সৰু-বৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে? কিয় সচেতন হোৱা নাই ভাৰতীয় ৰে'লৱে?  এনেবোৰ দুৰ্ঘটনা শীঘ্ৰেই ৰোধ কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী উত্থাপন হৈছে। 

Also Read: গণেশগুৰি পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ ক'লে দুটা ভুল আছে...

ৰে'ল দুৰ্ঘটনা