আত্মীয়ৰ ঘৰৰ পৰা উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ ৫ সদস্য নিহত

মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত কৰুণ ঘটনা
আত্মীয়ৰ ঘৰৰ পৰা উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ ৫ সদস্য নিহত
আত্মীয়ৰ ঘৰৰ পৰা উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ ৫ সদস্য নিহত
Published on
Updated on

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা। এক পথ দুৰ্ঘটনাত একে পৰিয়ালৰ শিশুসহ ৫ জনকৈ সদস্যৰ মৃত্যু হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে শুকুৰবাৰে জিলাখনৰে এক আত্মীয়ৰ পৰিয়াললৈ গৈছিল সুৰেশ জৈন আৰু তেওঁৰ পৰিয়াল।

পৰিয়ালৰ সদস্যসকলৰ মাজত আছিল সুৰেশ জৈনৰ পত্নী প্ৰভা, পুত্ৰ শৈলেন্দ্ৰ, বোৱাৰী নেন্সি আৰু চাৰি বছৰীয়া নাতি উৎকৰ্ষ। তেওঁলোকে আত্মীয়ৰ ঘৰৰ পৰা স্বগৃহলৈ ঘূৰি অহাৰ পথতে তেওঁলোকৰ বাহনখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীৰ মতে ট্ৰাকখনে বিপৰীত দিশৰ পৰা আহি খুন্দা মাৰিছিল সুৰেশ জৈন আৰু তেওঁৰ পৰিয়াল আহি থকা বাহনখনত। ট্ৰাকৰ প্ৰচণ্ড খুন্দাত বাহনখন ভাঙি পৰে। তাৰ মাজতেই আৱদ্ধ হৈ পৰে পৰিয়ালটো।

এই ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীলৈ আহে আৰু আহতসকলক বাহখনৰ পৰা বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰে। সমান্তৰালকৈ স্থানীয় আৰক্ষীয়ে তেওঁলোকক হাস্পতাললৈ প্ৰেৰণ কৰে। অৱশ্যে হাস্পতালত চিকিৎসকে সকলোকেই মৃত ঘোষণা কৰে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱা দুয়োখন বাহনেই অত্যাধিক বেগত আছিল। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিছে যদিও ট্ৰাকখনৰ চালকজনে পলায়ন কৰিছে।

আৰক্ষীয়ে এই চালকজনৰ সন্ধানতো অভিযান আৰম্ভ কৰিছে। স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি ট্ৰাকখনে কাৰখনক খুন্দা মাৰি কাৰখনৰ ওপৰত উঠি যায়। ফলত জেচিবি আনিবলগীয়া হয় আৰু গাড়ীৰ দৰ্জা ভাঙি দেহসমূহ উদ্ধাৰ কৰিবলগীয়া হয়।

আত্মীয়ৰ ঘৰৰ পৰা উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ ৫ সদস্য নিহত
বহিঃৰাজ্যত সন্ধানহীন বাক্সাৰ যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in