ডিজিটেল ডেস্কঃ পুনৰ ৰাজনৈতিক পৰিচয় সলনি হ'ল দুলু আহমেদৰ। এইবাৰ এইগৰাকী নেতা শৰণাপন্ন হ'ল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আজি দুলু আহমেদে আনুষ্ঠানিকভাৱে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত।
ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত দলটোত যোগদান কৰাৰ পাছতে সামাজিক মাধ্যমতে দুলু আহমেদে তেওঁৰ পৰিচয় সলনি কৰিলে। এসময়ত কংগ্ৰেছ আৰু পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদৰ ফটো ফেচবুক একাউণ্টৰ কভাৰ ফটো হিচাপে ব্যৱহাৰ কৰা আহমেদে আজি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতে তেওঁ ফেচবুকত তৃণমূল কংগ্ৰেছৰ ল'গ' কভাৰ ফটো হিচাপে আপলোড কৰিছে।
অৱশ্যে এই কভাৰ ফটো কিমান দিনলৈ থাকে তাক লৈ বিভিন্ন জনে সামাজিক মাধ্যমত কটাক্ষও কৰিছে। উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি বঞ্চিত হোৱা দুলু আহমেদে ক্ষোভত দলৰ উপ-সভাপতিৰ পদ ত্যাগ কৰিছিল।
দলে আনুষ্ঠানিকভাৱে মিত্ৰতাৰ স্বাৰ্থত সমষ্টিটো কংগ্ৰেছক এৰি দিয়াৰ পাছতো নিৰ্দলীয়ভাৱেই এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰি সপ্তম স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। তেওঁ লাভ কৰিছিল মাত্ৰ ৯৩৩৮ টা ভোট।
ইয়াৰ পূৰ্বে ২০২১ ৰ বিধানসভা নিৰ্বাচনত তেওঁ অসম জাতীয় পৰিষদৰ পৰা হাজো সমষ্টিত প্ৰতিদ্বন্দিতা কৰি লাভ কৰিছিল ৫১৭৯৭ টা ভোট। তেওঁ পৰাস্ত হৈছিল বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ হাতত।
তাৰ পূৰ্বে আকৌ এইগৰাকী নেতা আছিল কংগ্ৰেছত। কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈকে সংঘাতত লিপ্ত হৈ পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদত যোগদান কৰি এতিয়া আকৌ তৃণমূল কংগ্ৰেছত যোগদান কৰা দুলু আহমেদে ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই যে, এই প্ৰস্তুতি চলাইছে সেয়া স্পষ্ট হৈছে।
অৱশ্যে দলীয় কথা বতৰাক বিৰুদ্ধাচাৰণ কৰিয়েই চৰ্চাত থকা এইগৰাকী নেতা তৃণমূল কংগ্ৰেছৰ নেতৃত্বই নিয়ন্ত্ৰণত ৰাখিব পাৰিবনে, নে পূৰ্বৰ দৰেই দলৰ অনুশাসন ভংগ কৰি সংবাদ মাধ্যমৰ আগত বিতৰ্কিত মন্তব্যৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব সেয়াও লক্ষ্যণীয় হ'ব।
উল্লেখ্য, দুলু আহমেদৰ লগত আজি কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰা অসমৰ আন দুজন ব্যক্তি হৈছে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ শিশিৰ দেৱ কলিতা আৰু অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত তথা পূৰ্বৰ সাংবাদিক সঞ্জীৱ মহন্ত। তেওঁলোকক দললৈ স্বাগতম জনাই পশ্চিম বংগৰ মন্ত্ৰী মলয় ঘটকে।
Also Read: জয়ন্ত মল্ল বৰুৱাৰ মধ্যস্থতাত ধলাইত মনোনয়ন প্ৰত্যাহাৰ অমিয় কান্তি দাসৰ...