প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ জীৱনযোৰা সাধনা বঁটা...

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ জীৱনযোৰা সাধনা বঁটা...

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ জীৱনযোৰা সাধনা বঁটা...

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ জীৱনযোৰা সাধনা বঁটা...

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙলৈ আগবঢ়োৱা হৈছে জীৱনযোৰা সাধনা বঁটা। অৰ্থনীতি আৰু ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ লণ্ডনৰ ভাৰত-ইউকে এচিভাৰ সন্মানৰ জীৱনযোৰা সাধনা সন্মান বঁটা আগবঢ়োৱা হৈছে।

বিগত সপ্তাহত এক বঁটা প্ৰদান অনুষ্ঠানত ঘোষণা কৰা এই বঁটা পৰৱৰ্তী সময়ত নেচনেল ইণ্ডিয়ান ষ্টুডেণ্টছ এণ্ড এলুমনি ইউনিয়ন ইউকে (NISAU)-ৰ দ্বাৰা নতুন দিল্লীত ড০ সিঙলৈ হস্তান্তৰ কৰিব। উল্লেখ্য যে, ব্ৰিটিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ভাৰতীয় শিক্ষাৰ্থীসকলৰ কৃতিত্বৰ বাবে ভাৰতত ব্ৰিটিছ পৰিষদ আৰু ইউকেৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগগৰ অংশীদাৰীত্বত এই বঁটা প্ৰদান কৰি অহা হৈছে।

এই জীৱনযোৰা সাধনা বঁটা হৈছে অক্সফৰ্ড আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত ড০ মনমোহন সিঙৰ শিক্ষিক সাফল্যৰ বাবে এক চিহ্ন। এই বঁটা প্ৰাপ্তিৰ খবৰৰ পিছতে ড০ সিঙে এক লিখিত বাৰ্তা প্ৰেৰণ কৰিছে।

এই লিখিত বাৰ্তাত তেওঁ উল্লেখ কৰিছে যে, ভাৰত-ইউকেৰ সম্পৰ্ক শৈক্ষিক অংশীদাৰিত্বৰ দ্বাৰা বিশেষভাৱে সংজ্ঞায়িত কৰা হৈছে। ভাৰতৰ প্ৰতিষ্ঠাপক পিতৃ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ড০ বি আৰ আম্বেদকাৰ, চৰ্দাৰ পেটেল আৰু আন বহুতে ইউকেত অধ্যয়ন কৰিছিল।

পৰৱৰ্তী সময়ত এইসকলো ব্যক্তিয়েই মহান নেতা হৈ পৰিছিল। যি ভাৰত আৰু বিশ্বক অনুপ্ৰাণিত কৰি আহিছে। ২০০৪-২০১৪ বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৯০ বছৰীয়া অৰ্থনীতিবিদগৰাকীয়ে কয়, "বিগত বছৰবোৰত অগণন ভাৰতীয় শিক্ষাৰ্থীয়ে ইউকেত অধ্যয়ন কৰাৰ সুযোগ পাইছে।

Also Read: আজিৰে পৰা জি-২০ বৈঠক, উদুলি-মুদুলি গুৱাহাটী...

ড০ মনমোহন সিং