প্ৰবীণ বাওঁপন্থী নেতা, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য আৰু নাই...

বৃহস্পতিবাৰে পুৱা ৮-৩০ বজাত শেষ নিশ্বাস ত্যাগ
প্ৰবীণ বাওঁপন্থী নেতা, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য আৰু নাই...
প্ৰবীণ বাওঁপন্থী নেতা, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য আৰু নাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য আৰু নাই। ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰবীণ বাওঁপন্থী নেতাগৰাকীয়ে। ২০০০ চনৰ পৰা ২০১১ চনলৈ বংগৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থকা নেতাগৰাকীৰ মৃত্যুত কেৱল বংগতেই নহয় দেশৰ বাওঁপন্থী শিবিৰত গভীৰ শোকৰ ছাঁ পৰিছে।

চি পি আই এমৰ বৰ্ষীয়ান নেতাগৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। এই বাৰ্ধক্যজনিত কাৰণতে বৃহস্পতিবাৰে পুৱা কলকাতাত মৃত্যু হয়। চি পি আই এমে তেওঁৰ মৃত্যু পুৱা ৮-৩০ বজাত হোৱা বুলি সদৰি কৰিছে।

জানিব পৰা মতে ভট্টাচাৰ্য নিউমোনিয়াত আক্ৰান্ত আছিল। হাওঁফাওঁ আৰু শ্বাসনালীৰ গুৰুতৰ সংক্ৰমণ ধৰা পৰিছিল তেওঁৰ দেহত। দীৰ্ঘদিন ধৰি ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) ৰোগতো আক্ৰান্ত আছিল তেওঁ। 

ইফালে পশ্চিমবংগৰ বিৰোধী দলপতি সুভেন্দ্ৰু অধিকাৰীয়ে এক্সৰ জৰিয়তে ভট্টাচাৰ্যৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ আত্মাৰ শান্তি কামনা কৰিছে।

উল্লেখ্য যে, ২০০০ চনত প্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল বুদ্ধদেৱ ভট্টাচাৰ্যই। ইয়াৰ পিছত তেওঁ ১১ বছৰ ধৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত আছিল।

২০১৫ চনত বুদ্ধদেৱ ভট্টাচাৰ্যই চি পি আই এমৰ কেন্দ্ৰীয় কমিটীৰ সকলো বিষয়বাব ত্যাগ কৰিছিল আৰু ২০১৮ চনত পশ্চিমবংগৰ ৰাজ্যিক সম্পাদকৰ পদো ত্যাগ কৰিছিল। যোৱা কেইটামান বছৰত তেওঁ সামাজিক অনুষ্ঠানৰ পৰা আঁতৰি আছিল আৰু দক্ষিণ কলকাতাত থকা চৰকাৰী এপাৰ্টমেণ্টৰ দুটা কোঠালিৰ ঘৰতেই বাস কৰি আছিল।

ইয়াৰ মাজতে তেওঁ মাজে মাজে অসুস্থ হৈ পৰিছিল যদিও চিকিৎসাৰ অন্তত পুনৰ সুস্থ হৈ ঘূৰি আহিছিল। তাৰ পাছতো তেওঁ বাৰ্ধক্যজনিত কাৰণতে বাৰে বাৰে অসুস্থ হৈ পৰিছিল। এনে অসুস্থতাৰ মাজতে তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰিলে।

প্ৰবীণ বাওঁপন্থী নেতা, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য আৰু নাই...
পুৰস্কাৰ পাব পাৰে ৰাজেন গোঁহায়ে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in