বাজেট বৈষম্যঃ ৪ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বয়কট কৰিলে নিটি আয়োগৰ বৈঠক...

'INDIA' ৰ অংশীদাৰ আন আন ৰাজনৈতিক দলৰ দখলত থকা চৰকাৰৰো অনুৰূপ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা
বাজেট বৈষম্যঃ ৪ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বয়কট কৰিলে নিটি আয়োগৰ বৈঠক...
বাজেট বৈষম্যঃ ৪ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বয়কট কৰিলে নিটি আয়োগৰ বৈঠক...
Published on
Updated on

ডিজিটেল ডেস্কঃ তৃতীয় মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট মঙ্গলবাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰাৰ পাছৰে পৰা এই বাজেটক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছে এই বাজেটক চকী বচোৱাৰ বাজেট আখ্যা দি সমালোচনা অব্যাহত ৰাখিছে।

তাৰ মাজতে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক অধিক গুৰুত্ব দি অন্যান্য ৰাজ্যক গুৰুত্বহীন কৰাৰ অভিযোগত আগন্তুক নিটি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে চাৰিখনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, অহা ২৭ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব নিটি আয়োগৰ বৈঠক। এই বৈঠকত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা। কিন্তু বাজেট দাখিলৰ পিছতে এতিয়া কংগ্ৰেছ শাসিত ৩ খন ৰাজ্য আৰু ডি এম কে শাসিত তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বুলি জনাইছে।

বাজেটত এই ৰাজ্য কেইখনক বৈষম্য কৰাৰ অভিযোগেৰে তেওঁলোকে এই সিদ্ধান্ত লৈছে। নিটি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱা মুখ্যমন্ত্ৰী কেইগৰাকী ক্ৰমে তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী, কৰ্ণাটকৰ সিদ্দাৰামাইয়া, হিমাচল প্ৰদেশৰ সুখবিন্দৰ সিং সুখু আৰু এম কে ষ্টেলিন।

এই ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলৰ মতে নিটি আয়োগৰ বৈঠক হৈছে ৰাজ্যসমূহৰ দাবীসমূহক তুলি ধৰাৰ এক মঞ্চ। বাজেটত বিৰোধীৰ দখলত থকা ৰাজ্যসমূহক যিধৰণে বৈষম্য কৰা হ'ল তাৰ পাছত আৰু নিটি আয়োগৰ বৈঠক অৰ্থহীন।

মন কৰিবলগীয়া যে ইণ্ডিয়া গোটৰ অংশিদাৰী ৰাজনৈতিক দলৰ দখলত থকা আন আন ৰাজ্যসমূহেও অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনাই প্ৰৱল। বিজেপিয়ে চৰকাৰ গঠনৰ ক্ষেত্ৰত জে ডি ইউ আৰু তেলেগু দেশম পাৰ্টিৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হোৱা বাবে এই দুই দলৰ দখলৰ থকা বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক বাজেটত সৰ্বাধিক গুৰুত্ব দিয়াৰ অভিযোগ উঠিছে। এয়া চৰকাৰৰ ৰক্ষা কৰাৰ বাবেই বিজেপিৰ অপচেষ্টা আখ্যা দিছে বিৰোধীয়ে।

বাজেট বৈষম্যঃ ৪ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বয়কট কৰিলে নিটি আয়োগৰ বৈঠক...
চপৰা চপৰে খহিছে ৰৌতা নদীৰ গৰাঃ যোগাযোগ বিচ্ছিন্ন হোৱাৰ দিশে ৪০ খন গাওঁ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in