চিত্ৰশিল্পী জ্যোতিন্দ্ৰ মহাশংকৰ ভট্টৰ পৰা ফটোগ্ৰাফাৰ পদ্মশ্ৰী জ্যোতি ভট্টলৈ...

চিত্ৰশিল্পী জ্যোতিন্দ্ৰ মহাশংকৰ ভট্টৰ পৰা ফটোগ্ৰাফাৰ পদ্মশ্ৰী জ্যোতি ভট্টলৈ...
Published on
Updated on

ডিজিটেল ডেস্ক : উত্তৰ আধুনিক ভাৰতৰ চিত্ৰকলা জগতৰ এক পৰিচিত নাম হৈছে জ্যোতিন্দ্ৰ মহাশংকৰ ভট্ট । ১৯৩৪ চনত গুজৰাটত জন্মগ্ৰহণ কৰা জ্যোতিন্দ্ৰ মহাশংকৰ আছিল স্বাধীন ভাৰতৰ কলা শিক্ষাৰ প্ৰথম ছাত্ৰ সকলৰ মাজৰ এজন । ইউৰোপ আৰু নিউ ইয়ৰ্কৰো কলা বিদ্যালয়ত শিক্ষা লাভ কৰি আহি জ্যোতিন্দ্ৰ মহাশংকৰে কেৱল চিত্ৰকলাতেই মনোনিৱেশ কৰাৰ পৰিৱৰ্তে স্থিৰচিত্ৰৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিছিল ।

২০১৯ চনত পদ্মশ্ৰী সন্মান লাভ কৰা জ্যোতি ভট্টৰ ফটোগ্ৰাফীয়েও লাভ কৰিছিল একেই সমাদৰ । ভাৰতৰ গ্ৰাম্যাঞ্চলৰ স্থিৰচিত্ৰৰ সংকলনটিয়ে তোলপাৰ কৰি তুলিছিল ভাৰতীয় কলা জগতক । ক'লা-বগা ছবিৰ সহায়তেই গুজৰাটৰ গ্ৰাম্যাঞ্চলৰ ছবি সমূহ আগন্তুক ২০২৩ বৰ্ষত 'টাইম এণ্ড টাইম এগেইন' শীৰ্ষক নামেৰে প্ৰদৰ্শন কৰা হ'ব বেংগালুৰুৰ নৱনিৰ্মিত 'মিউজিয়াম অৱ আৰ্ট এণ্ড ফটোগ্ৰাফী'ত ।

কিম্বদন্তী ফটোগ্ৰাফাৰ গৰাকীৰ কেইখন মান জনপ্ৰিয় আলোকচিত্ৰ হ'ল ১৯৮৫ চনত গুজৰাটত জনজাতিয় দেৱাল অংকনৰ সৈতে শিশু এটি, ১৯৮৬ চনত মজিয়াত অংকন কৰা ছবি এখনক পহৰা দি থকা অৱস্থাত এগৰাকী বৃদ্ধা, ১৯৭৭ চনত বিহাৰৰ মিথিলাত এগৰাকী বৃদ্ধাই দেৱালত দুৰ্গা দেৱীৰ চিত্ৰ অংকন কৰি থকা তথা আন তেনে আলোকচিত্ৰ সমূহ ।    

শিল্পী গৰাকীৰ চিত্ৰ সমূহত যিদৰে ৰঙৰ পয়োভৰ দেখা যায় কিন্তু আলোকচিত্ৰ সমূহ আকৌ সম্পূৰ্ণ ওলোটা । কেৱল ক'লা-বগা আলোকচিত্ৰৰ জৰিয়তেই সমগ্ৰ দেশৰ গ্ৰাম্যাঞ্চলৰ কলাসূলভ দিশটোক পৰিচয় কৰাই দিছিল শিল্পী গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in