১ মে’ৰ পৰা সলনি হ’ব বহুটো নিয়ম, প্ৰভাব পৰিব আপোনাৰ বাজেটত...

মে’ মাহৰ ১ তাৰিখৰ পৰা সলনি হ’ব বহুতো নিয়ম । যাৰ ফলত প্ৰভাৱ পৰিব পৰিব আপোনাৰ মাহেকীয়া বাজেটতো । কিয়নো শেহতীয়াকৈ এটিএমৰ লেনদেন, জি এছ টিকে ধৰি চাৰিটাকৈ গুৰুত্বপূৰ্ণ কামৰ নিয়মৰ কিছু সাল-সলনি ঘটোৱা হৈছে
১ মে’ৰ পৰা সলনি হ’ব বহুটো নিয়ম, প্ৰভাব পৰিব আপোনাৰ বাজেটত...
Published on
Updated on

ডিজিটেল ডেস্কঃ মে’ মাহৰ ১ তাৰিখৰ পৰা সলনি হ’ব বহুতো নিয়ম । যাৰ ফলত প্ৰভাৱ পৰিব পৰিব আপোনাৰ মাহেকীয়া বাজেটতো । কিয়নো শেহতীয়াকৈ এটিএমৰ লেনদেন, জি এছ টিকে ধৰি চাৰিটাকৈ গুৰুত্বপূৰ্ণ কামৰ নিয়মৰ কিছু সাল-সলনি ঘটোৱা হৈছে ।

বজাৰ নিয়ন্ত্ৰক এছ ই বি আয়ে মিউচুৱেল ফাণ্ড কোম্পানীবোৰক ই-ৱালেট ব্যৱহাৰৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে । লগতে বিনোয়োগকাৰী কে ৱাই চি ই ৱালেটৰ জৰিয়তে বিনিয়োগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

১ মে'ৰ পৰা ব্যৱসায়ীসকলৰ বাবে জিএছটিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে । নতুন নিয়ম অনুসৰি, ১০০ কোটি টকাৰ অধিক টাৰ্ণঅ'ভাৰ থকা কোম্পানীবোৰে এতিয়াৰে পৰিশোধ কৰিব লাগিব কৰ ।

এলপিজি মূল্যৰ পৰিৱৰ্তন হ’ব পৰৱৰ্তী মাহটোত । প্ৰতি মাহৰ প্ৰথম দিনটোত, পেট্ৰ'লিয়াম কোম্পানীবোৰে এলপিজি চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰে । ১ এপ্ৰিলত, চৰকাৰে ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্ৰাস কৰে। বাণিজ্যিক এলপিজিৰ মূল্য এবছৰত প্ৰতি চিলিণ্ডাৰত ২২৫ টকা বৃদ্ধি পাইছে । ১ মে'ত, ইয়াৰ পৰিৱৰ্তন হ’ব ।

দেশৰ অন্যতম বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক পঞ্জাৱ নেচনেল বেংকে এটিএম লেনদেন সম্পৰ্কীয় নিয়মৰ পৰৱৰ্তী মাহৰ পৰা পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে ।

যদি এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত পঞ্জাৱ নেচনেল বেঙ্কৰ গ্ৰাহকৰ একাউণ্টত বেলেন্স নাথাকে, তেনেহলে পৰৱ্ৰতী সময়ত আপুনি ১০ টকা ভৰিব লাগিব। এই সন্দৰ্ভত বেংকটোৱে ইতিমধ্যেই জাননী জাৰি কৰিছে । নতুন নিয়মসমূহ ১ মে'ৰ পৰা কাৰ্যকৰী হ'ব ।

১ মে’ৰ পৰা সলনি হ’ব বহুটো নিয়ম, প্ৰভাব পৰিব আপোনাৰ বাজেটত...
টুইটাৰৰ ব্য়ৱহাৰ কৰা আগত চাওক এই খবৰ, প্ৰৱন্ধ পঢ়িবলৈ লাগিব ধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in