বাস্তৱ হোৱাৰ দিশে গীতা মুখাৰ্জীৰ সপোন..

বাস্তৱ হোৱাৰ দিশে গীতা মুখাৰ্জীৰ সপোন..
Published on
Updated on

ডিজিটেল ডেস্কঃ বহু চৰ্চাৰ অন্তত বুধবাৰে লোকসভাত গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক। ৬০ গৰাকী সাংসদে অংশ লোৱা প্ৰায় ৮ ঘন্টাজোৰা বিতৰ্কৰ অন্তত ৪৫৪টা ভোট লাভ কৰি অৱশেষত লোকসভাত গৃহীত হ’ল মহিলা সংৰক্ষণ সম্পৰ্কীয় ‘নাৰী শক্তি বন্দন’ বিধেয়ক। মঙলবাৰে লোকসভাত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰা এই বিধেয়ক ২০০৮ চনতেই ৰাজ্যসভাত উত্থাপন হৈছিল যদিও লোকসভাত গৃহীত হোৱা নাছিল।

সমগ্ৰ দেশতে চৰ্চিত হৈ থকা এই বিধেয়কখন সদনত উত্থাপিত হোৱাৰ লগে লগে চৰ্চালৈ আহিছে এগৰাকী মহিলাৰ নাম। তেওঁ হ’ল গীতা মুখাৰ্জী। গীতা মুখাৰ্জী আছিল বুধবাৰে গৃহীত হোৱা মহিলা সংৰক্ষণ বিধেয়কখনৰ বাটকটীয়া। ১৯৯৬ চনৰ ১২ ছেপ্তেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে সংসদত এই মহিলা সংৰক্ষণ সম্পৰ্কীয় ব্যক্তিগত সদস্য বিধেয়ক উত্থাপন কৰি ভাৰতীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। ১৯৯৬ চনতেই তেওঁ লোৱা এই পদক্ষেপৰ বাবে ২০২৩ চনৰ ২০ ছেপ্তেম্বৰ, বুধবাৰৰ দিনটো ভাৰতীয় নাৰীসকলৰ বাবে এক উল্লেখযোগ্য দিন হিচাপে ভাৰতৰ ইতিহাসত ৰৈ যাব।

গীতা মুখাৰ্জীয়ে ১৯৪০ ৰ দশকৰ আৰম্ভণিতে বাংলাদেশত থকা জেচোৰত এগৰাকী ছাত্ৰী নেত্ৰী হিচাপে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তেওঁ ১৯৪২ চনত চিপিআইৰ এগৰাকী বিশিষ্ট নেতা বিশ্বনাথ মুখাৰ্জীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু ১৯৪৬ চনত দলটোৰ বেংগল ৰাজ্যিক সমিতিৰ সদস্য হিচাপে যোগদান কৰিছিল। তেওঁ ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধোত্তৰ শিক্ষাৰ্থী আৰু শ্ৰমিকৰ উত্থানত সক্ৰিয়ভাৱে জড়িত আছিল যাৰবাবে ১৯৪৮ চনত তেওঁক গ্ৰেপ্তাৰ কৰি ৬ মাহৰ বাবে আটক কৰা হৈছিল।

১৯৬৭ চনত পশ্চিম বংগৰ বিধান সভাৰ সদস্যৰূপে নিৰ্বাচিত হৈ তেওঁ প্ৰতক্ষ্য ৰাজনীতিত খোজ দিছিল। ১৯৮০ চনত লোকসভাৰ সাংসদৰূপে নিৰ্বাচিত হোৱা গীতা মুখাৰ্জী মহিলাৰ অধিকাৰ আৰু সামাজিক ন্যায়ৰ বাবে যুঁজ দিয়া এগৰাকী শক্তিশালী অধিবক্তাৰূপেও পৰিচিত আছিল। সেয়েহে হয়তো ১৯৮০ চনৰ পৰা তেওঁৰ মৃত্যু পৰ্যন্ত পাস্কুৰা সমষ্টিৰ ৰাইজে কেৱল তেওঁকেই সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল।

এগৰাকী জনপ্ৰিয় ৰাজনীতিবিদ হোৱাৰ লগতে তেওঁ আছিল এগৰাকী সুলেখিকা। 'ভাৰত উপকথা', 'ছটোডেৰ ৰবীন্দ্ৰনাথ' আদি আছিল তেওঁৰ সৃষ্টি।

গীতা মুখাৰ্জীয়ে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ বাবে মৃত্যু পৰ্যন্ত যুঁজ দি গৈছিল। লোকসভা আৰু বিধান সভাত মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে তেওঁৰ যি চেষ্টা আছিল ২০ ছেপ্তেম্বৰত তাৰ সফল ৰূপ সমগ্ৰ ভাৰতেই দেখিলে।

সেয়েহে হয়তো বুধবাৰে লোকসভাত এই বিধেয়কখন গৃহীত হোৱাৰ সময়ত বিজেপি নেতা নিশিকান্ত ডুবেই গীতা মুখাৰ্জীৰ নাম চেম্পিয়ন বুলি উল্লেখ কৰি তেওঁক স্মৰণ কৰে।

বাস্তৱ হোৱাৰ দিশে গীতা মুখাৰ্জীৰ সপোন..
মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in