ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইত অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিট (জিআই.এম.এছ.) ২০২৩ৰ বিষয়ে সবিশেষ আলোকপাত কৰে আৰু কাৰ্টেন ৰেইজাৰ মুকলি কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে বাণিজ্যত সহযোগিতা বৃদ্ধি আৰু ব্যৱসায় কৰাৰ সহজতা (ইজ অৱ ডুয়িং বিজনেছ) ৰ প্ৰসাৰ কৰাৰ বাবে জ্ঞান আৰু প্ৰযুক্তিৰ পাৰস্পৰিক সহযোগিতাৰ লগতে নতুন বিনিয়োগৰ সুযোগ অন্বেষণ কৰা।
আজিৰ এই অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্রীপদ য়েছ' নায়েক উপস্থিত থাকে। উক্ত সন্মিলনত অংশগ্ৰহণ কৰিব ৫০ খনতকৈও অধিক দেশে। আগন্তুক গোলকীয় সামুদ্রিক ভাৰত সন্মিলন ২০২৩ৰ বাবে কার্টেন ৰেইজাৰত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাৰতৰ অর্থনৈতিক প্রগতিত সামুদ্রিক খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে ইয়াৰ সম্ভাৱনাৰ সন্দৰ্ভত আলোকপাত কৰে।
'এই খণ্ডত ভাৰতে সন্মুখৰ পৰা নেতৃত্ব দিব পাৰে সোণোৱালে কয়। তেওঁ লগতে কয় যে ভাৰতে সামুদ্রিক খণ্ডৰ বিকাশৰ বাবে ক্ষিপ্ৰতাৰে আগুৱাই গৈছে, যাৰ কাৰণ হৈছে চৰকাৰৰ সঠিক নীতি।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, ভাৰতৰ সামুদ্রিক খণ্ডৰ বিশাল সম্ভাৱনাই ২০৪৭ চনৰ ভিতৰত দেশক আত্মনিৰ্ভৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰিছে। ভাৰতৰ সামুদ্রিক খণ্ডৰ মুখ্য চালক হিচাপে আমাৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে দেশৰ সমৃদ্ধ সামুদ্রিক খণ্ডৰ বিশাল সম্ভাৱনাৰ পৰা মূল্য সৃষ্টি কৰিবলৈ গ্লোবেল মেৰিটাইম ইণ্ডিয়া সন্মিলনৰ আয়োজন কৰি আহিছে। দেশৰ সামুদ্রিক খণ্ডত ১০ লাখ কোটিতকৈও অধিক বিনিয়োগৰ সুযোগৰ সৈতে আমি এক বৃহৎ অৰ্থনৈতিক উত্থানৰ দুৱাৰমুখত উপনীত হৈছোঁ, যিয়ে ভাৰতৰ ১৫ লাখতকৈও অধিক যুৱক যুৱতীৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব পাৰে। এই সন্মিলনখন ভাৰতৰ নীল অৰ্থনীতিৰ সমৃদ্ধ সম্ভাৱনাৰ অন্বেষণ আৰু পৰীক্ষা কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। আমি আশা কৰোঁ যে সামুদ্রিক খণ্ডত দখল থকা বিশেষজ্ঞসকলে সামুদ্রিক খণ্ডৰ লগতে আমাৰ দেশৰ এক বহনক্ষম উন্নয়নৰ বাবে এক উপযুক্ত ৰ ডমেপ প্ৰস্তুত কৰাৰ বাবে তেওঁলোকৰ সদিচ্ছা, অভিমত, বুদ্ধিমত্তা আৰু দক্ষতা প্ৰকাশ কৰিব।"
সোণোৱালে লগতে কয়, আমি ভাৰত আৰু বিশ্বৰ আন প্ৰান্তৰ সকলো সামুদ্রিক অংশীদাৰক এই বিনিয়োগৰ সুযোগসমূহৰ অংশ হ'বলৈ আমন্ত্ৰণ জনাইছোঁ। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে বিমষ্টেক (BIMSTEC) অঞ্চলৰ ভিতৰত বাণিজ্যৰ উন্নতিৰ নেতৃত্ব দি বিভিন্ন আঞ্চলিক প্ৰকল্পৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰতে সক্রিয়ভাৱে ৫,০০০ কিলোমিটাৰজোৰা বহুদেশীয় জলপথ ফলপ্রসূ কৰাৰ কাম চলাই আছে, যি হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। যাৰ দ্বাৰা এই সমগ্ৰ অঞ্চলটোত বাণিজ্য আৰু পৰিবহণ কার্যকৰীভাৱে সহজসাধ্য হৈ উঠিব।"
আজিৰ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে নীল অৰ্থনীতিৰ অপৰিসীম সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ আৰু ভাৰতৰ সামুদ্রিক খণ্ডত বিনিয়োগৰ সুযোগ সৃষ্টিৰ জৰিয়তে মূল্য উন্মুক্ত কৰাৰ বাবে এক ৰ'ডমেপ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সামুদ্রিক খণ্ডৰ বিশেষজ্ঞসকলৰ লগতে উদ্যোগীসকলৰ এক গোলকীয় মঞ্চ গঢ়ি তোলা। এই উমৈহতীয়া মঞ্চখনে ষ্টার্ট-আপ, গৱেষক ইনকিউবেটৰ আৰু উদ্ভাৱকসকলক তেওঁলোকৰ প্ৰযুক্তি আৰু দক্ষতা প্ৰদৰ্শন কৰাৰ আনুষ্ঠানিকভাৱে সন্মিলনৰ পুস্তিকা উন্মোচন আৰু অনুষ্ঠানটোৰ ৱেবছাইট তথা ম'বাইল এপ মুকলি কৰে।
As a responsible maritime nation, we are committed to preserving our oceans, protecting marine life and minimising the environmental impact of our activities. #GlobalMaritimeSummit2023 pic.twitter.com/zoXvD7lxqG
— Sarbananda Sonowal (@sarbanandsonwal) July 18, 2023
ভাৰতীয় বন্দৰ সংস্থা আৰু মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ ৰাজীৱ জলোটা, কেন্দ্রীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ৰাজেশ কুমাৰ সিনহা, যুটীয়া সচিব ভূষণ কুমাৰ প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল, বিশেষজ্ঞসকল, বিভিন্ন সংশ্লিষ্ট সংস্থাৰ প্ৰতিনিধিসকল আৰু বিশিষ্ট ব্যক্তিসকল উক্ত অনুষ্ঠানত উপস্থিত থাকে।
Also Read: কুকুৰমাৰী-বেংতল সংযোগী বিধ্বস্ত পথ পুনঃনিৰ্মাণৰ আধাৰশিলা স্থাপন...