ভগৱানৰ সন্মতিত কংগ্ৰেছ এৰি ১১ জন বিধায়কে যোগদান কৰিলে বিজেপিত!

দেশত অব্যাহত আছে ৰাজনৈতিক দল সমূহৰ মাজত বাক বিতণ্ডা। ইয়াৰ মাজতে কংগ্ৰেছৰ একাংশ বিধায়কে বিজেপিত যোগদান কৰাৰ বাতৰিয়ে বিশেষ চৰ্চা লাভ কৰা দেখা যায়।

author-image
Asomiya Pratidin
New Update
গেৰুৱা দলৰ প্ৰতি মোহভংগ বিজেপি নেতাৰ

প্ৰতিকী ফটো

ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে ৰাজনৈতিক দল সমূহৰ মাজত বাক বিতণ্ডা। ইয়াৰ মাজতে কংগ্ৰেছৰ একাংশ বিধায়কে বিজেপিত যোগদান কৰাৰ বাতৰিয়ে বিশেষ চৰ্চা লাভ কৰা দেখা যায়।

মন্দিৰ, গীৰ্জা আৰু মছজিদত তেওঁলোকে "আনুগত্যৰ প্ৰতিশ্ৰুতি" লোৱাৰ সাত মাহ পিছত গোৱাৰ ১১ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ৮ জনে শাসনাধিষ্ঠিত বিজেপিত যোগদান কৰে। এই বিধায়ক কেইজনে কেইমাহমান পূৰ্বে ৰাহুল গান্ধীৰ উপস্থিতিত শপত গ্ৰহণ কৰিছিল আৰু ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ পাছত তেওঁলোকে দল সলনি নকৰে।

দল ত্যাগৰ নেতৃত্ব দিয়া নেতা দিগম্বৰ কামাতে কয় যে তেওঁ আৰু বাকী বিধায়ক সকলে বিজেপিত যোগদান কৰাৰ আগতে ঈশ্বৰৰ পৰা অনুমতি লৈছিল আৰু ঈশ্বৰে সন্মত হৈছিল।

২০১৭ চনতস গোৱাত ৪০ খন আসনৰ ভিতৰত ১৭ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছে। কিন্তু বিজেপিয়ে ১৩ খন আসন লাভ কৰাৰ পিছত সৰু সৰু দল আৰু নিৰ্দলীয় দলৰ সহায়ত ক্ষমতা দখল কৰিছিল। আৰু তাৰ ২ বছৰ পাছতেই ২০১৯ চনত কংগ্ৰেছৰ ১৫ জন বিধায়কে বিজেপিত  যোগদান কৰিছিল।

২০২২ চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন আগতে কংগ্ৰেছে দলৰ প্ৰাৰ্থী সকলক এখন ৰিজৰ্ট ৰাখিছিল। আৰু কামতে সেই সময়ত দলত্যাগক "গণতন্ত্ৰৰ মৃত্যু" বুলি অভিহিত কৰিছিল।

উল্লেখ্য যে, বৰ্তমান সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলি আছে 'ভাৰত যোড়ো যাত্ৰা' । ইয়াৰ  মাজতে কংগ্ৰেছৰ একাংশ বিধায়কে দলত্যাগ কৰাতো এক বিৰাট প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে।এই কথাতো বিজেপিয়ে উপহাস কৰি কৈছে যে ভাৰতৰ আগতে কংগ্ৰেছে নিজৰ দলক একত্ৰিত কৰিব লাগে।

congress bjp goa rahuil gandhi