গোৰ্খানাথ মন্দিৰ আক্ৰমণ: আহমদ মুৰ্তাজ আব্বাচীক মৃত্যুদণ্ড...

দেশৰ বিৰুদ্ধে যুদ্ধ কৰাৰ উদ্দেশ্যে গোৰখানাথ মন্দিৰত আক্ৰমণ কৰাৰ দোষী আহমদ মুৰ্তাজ আব্বাচীক এটিএছ আদালতে মৃত্যুদণ্ড বিহে।

author-image
Asomiya Pratidin
New Update
গোৰ্খানাথ মন্দিৰ আক্ৰমণ: আহমদ মুৰ্তাজ আব্বাচীক মৃত্যুদণ্ড...

ডিজিটেল ডেস্ক: দেশৰ বিৰুদ্ধে যুদ্ধ কৰাৰ উদ্দেশ্যে গোৰখানাথ মন্দিৰত আক্ৰমণ কৰাৰ দোষী আহমদ মুৰ্তাজ আব্বাচীক এটিএছ আদালতে মৃত্যুদণ্ড বিহে। সোমবাৰে সন্ধিয়া বিশেষ ন্যায়াধীশ বিবেকানন্দ চৰণ ত্ৰিপাঠীয়ে এই শাস্তি ঘোষণা কৰে।

মুৰ্তাজাৰ বিৰুদ্ধে ইছলামিক ইষ্টেট (আইএছ)ৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ জিহাদৰ উদ্দেশ্যৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাই দেশৰ অখণ্ডতা আৰু ঐক্যক প্ৰত্যাহ্বান জনোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

আদালতে দোষীৰ ওপৰত ৪৪,০০০ টকাৰ জৰিমনাও আৰোপ কৰে। উল্লেখ্য যে, বিনয় কুমাৰ মিশ্ৰাই ২০২২ চনৰ ৪ এপ্ৰিলত গোৰখানাথ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

অভিযুক্তপক্ষৰ মতে, ২০২২ চনৰ ৪ এপ্ৰিলত আব্বাচীয়ে মন্দিৰত পহৰা দি থকা পিএচি জোৱান অনিল কুমাৰ পাছৱানক তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰিছিল। যাৰ বাবে তেওঁ গুৰুতৰভাৱে আহত হৈছিল। অন্যহাতে জোৱান জনৰ পৰা তেওঁ অস্ত্ৰ কঢ়াৰো চেষ্টা কৰিছিল।

তাৰ পাছত তেওঁ অস্ত্ৰ ওপৰলৈ উঠাই আৰু ধৰ্মীয় শ্ল'গান দি পিএচি পোষ্টৰ ফালে দৌৰি গৈছিল। ইয়াৰ বাব এক অৰাজকতাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

ঘটনাৰ পাছতেই অভিযুক্তক আটক কৰা হৈছিল আৰু তেওঁ পৰা উৰ্দুত লিখা এখন ধৰ্মীয় কিতাপো উদ্ধাৰ কৰা হৈছিল।

উল্লেখ্য যে, আব্বাচীৰ বিৰুদ্ধে দেশৰ বিৰুদ্ধে যুদ্ধ কৰা, হত্যাৰ চেষ্টাকে ধৰি ১২ টা অভিযোগ আছে। আব্বাচীৰ বিৰুদ্ধে প্ৰায় ২৭ জনে সাক্ষ্য প্ৰদান কৰে।

আৰু পঢ়ক: নিযুক্তি ঠিকেই পালে, এতিয়ালৈকে নাই দৰমহা, চিন্তিত ১০০০ ৰো অধিক কৰ্মচাৰী

uttar pradesh gorkha temple