১০ বছৰত ৭ বাৰ জে'ললৈঃ আঁৰত পত্নী...

এটি অদ্ভুত ঘটনা। এগৰাকী মহিলাই স্বামীক ১০ বছৰত ৭বাৰকৈ প্ৰেৰণ কৰিছে জে'ল হাজোতলৈ।

author-image
Asomiya Pratidin
New Update
১০ বছৰত ৭ বাৰ জে'ললৈঃ আঁৰত পত্নী...

ডিজিটেল ডেস্ক : এটি অদ্ভুত ঘটনা। এগৰাকী মহিলাই স্বামীক ১০ বছৰত ৭বাৰকৈ প্ৰেৰণ কৰিছে জে'ল হাজোতলৈ। পাৰিবাৰিক কন্দলৰ বাবেই স্বামীক ৭ বাৰকৈ গ্ৰেপ্তাৰ কৰোৱা এই ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

আমোদজনক কথাটো হ'ল যে, স্বামীক গ্ৰেপ্তাৰৰ পাছত প্ৰতিবাৰে গ্ৰাণ্টাৰ হিচাবে নিজেই আদালতত হাজিৰ হৈছিল মহিলাগৰাকী। এই ঘটনা গুজৰাটৰ মেহাছানাৰ। জিলাখনৰ কাদি চহৰত বাস কৰা দম্পত্তি প্ৰেমচান্দ মালি আৰু তেওঁৰ পত্নী চনুৰ পাৰিবাৰিক ঘটনা এয়া।

২০০১ চনত বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত ২০১৪ চনত প্ৰথমবাৰলৈ দুয়োৰে সম্পৰ্কত সৃষ্টি হয় সমস্যাৰ। এই পাৰিবাৰিক কন্দলে ২০১৫ লয় অন্য ৰূপ। ঘটনাক্ৰমে চনুৱে ২০১৫ চনত স্বামীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি স্থানীয় আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ। যাৰ ফলশ্ৰুতিত আদালতে প্ৰেমচান্দ মালিকক মাহিলী ২,০০০ টকাকৈ পত্নী চনুক পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।

জে'লৰ পৰা ওলাইয়ে এই ধনৰাশি পৰিশোধৰ বাবে অমান্য হোৱা প্ৰেমচান্দক পত্নীৰ অভিযোগৰ ভিত্তিতেই পুনৰ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পিছে পাঁচ মাহ কাৰাগাৰত বন্দীত্ব কটোৱা স্বামীক আশ্চৰ্যজনকভাৱে পত্নী চনুৱেই কৰাইছিল মুক্তি। স্বামীৰ জামিনৰ ব্যৱস্থা কৰিয়েই দুয়ো পৃথকে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল যদিও শেষ হোৱা নাছিল তেওঁলোকৰ মত-দ্বিমত যুঁজ।

মত-দ্বিমতৰ কন্দলে পুনৰ বাৰ পাইছিল গৈ আইনী দুৱাৰ। আইনী তথ্য অনুসৰি প্ৰেমচান্দক ২০১৬ চনৰ পৰা ২০১৮ চনলৈ প্ৰতি বছৰেই পত্নী চনুৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। যিয়ে তেওঁক ক্ষতি কৰাৰ প্ৰতিঅভিযোগ উত্থাপন কৰে স্বামী প্ৰেমচান্দে। পিছে আচৰিত কথাতো হ'ল যে প্ৰতিবাৰেই প্ৰেমচান্দৰ মুক্তিত ক্ষেত্ৰত সহায় কৰে পত্নী চনুয়ে।

ইয়াৰ পাছতো ২০১৯ আৰু ২০২০ চনত পুনৰ কাৰাগাৰলৈ গৈছিল প্ৰেমচান্দ। এইসময়চোৱাতো তেওঁক সুৰক্ষা প্ৰদান কৰিছিল চনুৱে। যাৰ বাবে প্ৰেমচান্দে আদালতৰ শাস্তি পোৱাৰ পৰা বাছি গৈছিল।

শেহতীয়াকৈ এই বছৰৰ আৰম্ভণিত পুনৰ গ্ৰেপ্তাৰ হোৱা প্ৰেমচান্দক বিগত ৪ জুলাইত মুক্তি কৰালে চনুৱে। যাৰ বাবে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত চৰ্চিত হ'ল প্ৰেমচান্দ আৰু চনুৰ কাহিনী।

উল্লেখ্য শেহতীয়াকৈ জে'লৰ পৰা মুক্তি লাভ কৰাৰ পাছতেই প্ৰেমচান্দে তেওঁৰ ৱালেট আৰু মোবাইল হেৰুৱাৰ কথা দোহাই দি পত্নীৰ সৈতে পুনৰ কাজিয়াত লিপ্ত হয়। পত্নীয়ে স্বামীৰ হেৰুৱা সামগ্ৰীৰ কথা জ্ঞাত নোহোৱা বুলি উল্লেখ কৰাৰ পাছতেই দুয়োৰে মাজত পুনৰ সৃষ্টি হয় শাৰীৰিক যুঁজৰ।

পিছে এইবাৰ জে'ললৈ নহয় পাটনস্থিত মাতৃগৃহলৈহে গ'ল প্ৰেমচান্দ। লগতে এইবাৰ তেওঁ আৰক্ষী থানাত দাখিল কৰি গ'ল পত্নী চনু আৰু তেওঁলোকৰ পুত্ৰই শাৰীৰিক ভাবে অপদস্থ কৰাৰ গোচৰ।

Also Read: ধূলিসাৎ বিৰোধী; বংগত বিজয় ধ্বজা মমতা বাহিনীৰ...

gujrat