আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন...

আজি দেশৰ বহু প্ৰত্যাশিত গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন । দুটা ভাগত বিভক্ত এই নিৰ্বাচনৰ প্ৰথমাংশ সম্পূৰ্ণ হৈছিল ডিছেম্বৰৰ ১ তাৰিখে ।

author-image
Asomiya Pratidin
New Update
আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন...

ডিজিটেল ডেস্ক : আজি দেশৰ বহু প্ৰত্যাশিত গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন । দুটা ভাগত বিভক্ত এই নিৰ্বাচনৰ প্ৰথমাংশ সম্পূৰ্ণ হৈছিল ডিছেম্বৰৰ ১ তাৰিখে । সোমবাৰে অনুষ্ঠিত নিৰ্বাচনৰ দ্বিতীয়াংশত ভোটদাল কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ৰাতিপুৱা ৮ বজাৰে পৰা আৰম্ভ হোৱা এই ভোটদান কাৰ্যত নিৰ্ধাৰিত হ'ব সৰ্বমুঠ ৬১টা দলৰ ৮৩৩ জন প্ৰাৰ্থীৰ । আনহাতে, ২.৫১ কোটি জনতাই নিৰ্ধাৰণ কৰিব এই সকল প্ৰাৰ্থীৰ ভাগ্য ।

উল্লেখ্য যে, নিৰ্বাচনৰ দ্বিতীয়টো দিনা ৰাজ্যখনৰ আহমেদাবাদ, গান্ধীনগৰ, মেহচানা, পঞ্চমহল, বদোদৰা আদি অঞ্চলত ৯৩ খন আসনৰ বাবে যুজঁ হ'ব অন্তিমটো দিনা । এই নিৰ্বাচনৰ বাবে ৰাজ্যখনত ২৬,৪০৯ টা ভোটদান কেন্দ্ৰ আৰু ৩৬ হাজাৰ ভোটিং মেছিন স্থাপন কৰা হৈছিল জিলাই জিলাই ।

গুজৰাটৰ নিৰ্বাচনৰ প্ৰতি দেশৰ প্ৰত্যেকটো মুখ্য দলেই আগ্ৰহ প্ৰকাশ কৰি যোগদান কৰিছিল নিৰ্বাচনী প্ৰচাৰত । নিৰ্বাচনৰ দ্বিতীয়টো দিনা ভাগ্য নিৰ্ণয় হ'ব লগীয়া প্ৰাৰ্থী সমূহৰ ভিতৰত আছে বহু কেই গৰাকী জ্যেষ্ঠ তথা জনপ্ৰিয় নেতা । যি সকলৰ মাজত আছে যুৱ নেতা হাৰ্দিক পেটেল, জীগনেশ মেৱানি, ভূপেন্দ্ৰভাই পেটেলো ।

আৰু পঢ়ক : দুৰ্নীতি-অনিয়মৰ অভিযোগত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বৰবাবুক গ্ৰেপ্তাৰ...

narendra modi gujrat election 2022