বাংগালুৰুৰ নামঘৰত উলহ-মালহেৰে “ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপন”

নাম-প্ৰসঙ্গ, কীৰ্তন পাঠৰ লগতে বৰগীত, দশৱতাৰ নৃত্য, ঝুমুৰা নৃত্য প্ৰদৰ্শন
বাংগালুৰুৰ নামঘৰত উলহ-মালহেৰে “ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপন”
বাংগালুৰুৰ নামঘৰত উলহ-মালহেৰে “ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপন”
Published on
Updated on

ডিজিটেল সংবাদ বাংগালুৰুঃ বাংগালুৰুবাসী অসমীয়াসকলে উলহ-মালহেৰে নামঘৰত উদযাপন কৰিলে "ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস"। বাংগালুৰুৰ মাৰাথাহালীত প্ৰতিষ্ঠা কৰা অসমীয়াৰ আবেগৰ, একমাত্ৰ উপাসনাস্থলীত দিনযোৰা কাৰ্যসূচীৰে সম্পূৰ্ণ মহাপুৰুষীয়া নিয়মৰ মাজেৰে অতি উলহ-মালহেৰে গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপিত কৰে।

ৰাতিপুৱা বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কৰি, নাম-প্ৰসঙ্গ, কীৰ্তন পাঠ আৰু দিহানাম পৰিবেশন কৰা হয়। লগতে সাংস্কৃতিক অনুষ্ঠানত বৰগীত, দশৱতাৰ নৃত্য, ঝুমুৰা নৃত্য প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল কন-কন শিশুসকলৰ প্ৰাৰ্থনা পৰিবেশন, বাংগালুৰুৰ অসমীয়া শিশু কিশোৰসকলক আমাৰ সাতাম পুৰুষীয়া সংস্কৃতিৰ লগত চিনাকি কৰোৱাৰ মানসেৰে এয়া অন্যতম প্ৰচেষ্টা। ‘শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ, বাংগালুৰু’ৰ উদ্যোগত গঢ়ি উঠা নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক সমাজৰ পত্ৰিকা ‘সাঁচিপাত’ৰ সপ্তম সংখ্যা উন্মোচিত কৰা হয়।

লগতে এই সাংস্কৃতিক সমাজৰসকলো তথ্য উপলব্ধ হোৱাকৈ এটি webpage www.sscsb.in মুকলি কৰা হয়। শেষত উপস্থিত ৰাইজক মাহ-প্ৰসাদ আৰু সিদ্ধ অন্ন আপ্যায়নেৰে অনুষ্ঠানৰ সামৰণি পৰে।

বাংগালুৰুৰ নামঘৰত উলহ-মালহেৰে “ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপন”
ধুবুৰীৰ যোগমায়া ঘাটত জাহাজ দুৰ্ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in