ডিজিটেল ডেস্ক : ক্ৰমে কঠোৰ হৈ অহা আৰক্ষীৰ সৈতে মোকাবিলা কৰিবলৈ নিতৌ ন ন কৌশল অৱলম্বন কৰিছে অপৰাধী সকলে । প্ৰতি দিনেই প্ৰৱঞ্চনাৰ ন ন খবৰে চকু কপালত তুলিছে জনতাৰ সৈতে আৰক্ষীৰো । যেন কাহানিও শেষ নহ'ব এই সমূহ কৌশল । তেনে এক ঘটনাই সংঘটিত হ'ল মুম্বাইত । এইবাৰ আৰক্ষী বুলি পৰিচয় দি এগৰাকী মহিলাৰ পৰা সৰকালে প্ৰায় ২০ লক্ষাধিক টকা ।
উল্লেখ্য যে, মুম্বাইৰ ছেক্টৰ ৪৩ ৰ নিৱাসী এগৰাকীলৈ মাৰ্চৰ ৩ তাৰিখে এটা ফোন আহিছিল কোনো কুৰিয়াৰ প্ৰতিষ্ঠানৰ পৰা । মহিলা গৰাকীয়ে অৰ্ডাৰ কৰা কোনো পাৰ্চেলত অবৈধ সামগ্ৰী জব্দ হোৱা বুলি কোৱা হৈছিল ফোনটোত আৰু পৰৱৰ্তী সময়ত প্ৰৱঞ্চকে মুম্বাই আৰক্ষীৰ ৰূপ লৈ ৰচিছিল সমগ্ৰ নাটক খন ।
মুম্বাই আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাৰ 'ইনছপেক্টৰ অজয় বাঞ্চাল' আৰু 'উপায়ুক্ত' ৰ পৰা অহা ফোনত এইবাৰ মহিলা গৰাকীৰ আৰু তিনিটা বেংক একাউন্টত অবৈধ ধন থকাৰ ওপৰিও তেখেতৰ আধাৰ কাৰ্ডৰ নম্বৰ কোনো বেআইনী কাৰ্যৰ সৈতে লিপ্ত থকাৰ অভিযোগ তোলে । মহিলা গৰাকীয়ে তেওঁৰ আন কোনো বেংক একাউন্ট নাই বুলি জনোৱাত সেই কথা প্ৰমাণ কৰিবলৈ ৪,৯৯,৯৯৯ অংকৰ ধন তেখেতক ট্ৰেন্সফাৰ কৰিবলৈ কোৱা হয় । এই অংকটো কোনো গোপন ক'ড বুলিও জনায় "আৰক্ষী বিষয়া" দুগৰাকীয়ে ।
ইয়াতেই ক্ষান্ত নাথাকি প্ৰৱঞ্চক দুজনে সৰ্বমুঠ ২০,৩৭,১৯৯ টকা মহিলা গৰাকীৰ পৰা সৰকাই বিভিন্ন ভুৱা কাৰণত । কোনোবা বাৰ অনুসন্ধানৰ চিকিউৰিটি ডিপ'জিট আন কোনোবা বাৰ তদন্ত অব্যাহত ৰাখিবলৈ ।
মহিলা গৰাকীয়ে পৰৱৰ্তী সময়ত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে অপৰাধী কেইজনৰ বিৰুদ্ধে ।
Also Read: হাৰ্হি মহিলা পৰিষদৰ কাৰ্যনিৰ্বাহক সভা