হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছইনিৰ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছইনিৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে বিজেপিৰ নায়ব সিং ছইনিয়ে। বৃহস্পতিবাৰে তেওঁৰ লগতে শপতগ্ৰহণ কৰে আৰু ১৩ জন মন্ত্ৰীয়ে।পঞ্চকুলাৰ দশহৰা খেলপথাৰত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে নীতিন গাডকাৰী আৰু ৰাজীৱ ৰঞ্জন সিঙৰ দৰে কেন্দ্ৰীয় মন্ত্ৰী সকল।

উল্লেখ কৰা প্ৰয়োজন যে, এই অনুষ্ঠানত ১৩ জন বিধায়কৰ ১১ জনে কেবিনেট মন্ত্ৰী আৰু ২ জন ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব) হিচাপে শপত গ্ৰহণ কৰে। এই মন্ত্ৰীসভাত ২ জন দলিত, ২ জন ব্ৰাহ্মণ, ২ জন জাট, ৪ জন অ’ বি চি, এজন ৰাজপুত, এজন পাঞ্জাবী আৰু এজন বনিয়া গোষ্ঠীৰ লোকে স্থান লাভ কৰিছে। মুঠতে জাতি আৰু আঞ্চলিক সমীকৰণৰ ভাৰসাম্য ৰক্ষা কৰি মন্ত্ৰীসভা গঠন কৰা হৈছে।

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনত ৪৮খন আসন লাভ কৰি হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছে বিজেপিয়ে। উক্ত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছইনিৰ
সোণোৱাল, আদিত্য নাথ, ৰাজনাথ সিং আদিৰ কাষত নাথাকিব NSGৰ নিৰাপত্তা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in