ডিজিটেল ডেস্কঃ হাৰিয়ানাত পলকতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট। প্ৰথম পৰ্যায়ত আগবাঢ়ি থকা কংগ্ৰেছক পিছ পেলাই দিনৰ ১১ বজালৈ অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। এই মুহূৰ্তত ৪৬খন আসনেৰে বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে ৩৭খন আসনত। লগতে অন্যান্য দলে লাভ কৰিছে ৭খন আসন।
উল্লেখযোগ্য যে, ৫ অক্টোবৰত হাৰিয়ানাৰ আটাইকেইখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। প্ৰায় ৬১ শতাংশ ভোটদান কৰিছিল হাৰিয়ানাৰ জনতাই। এতিয়া অপেক্ষা মাত্ৰ কেইটামান ঘন্টাৰ। ৰাজ্যখনত ১০ বছৰৰ পাছত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নে বিজেপিয়ে জয়ৰ হেট্ৰিক কৰিব?
Also Read: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ মুকলি