ডিজিটেল ডেস্ক: হাৰিয়ানাত যিকোনো মূহুৰ্ততে ফলাফল আকৌ ওলট-পালট হোৱাৰ সম্ভাৱনা আছে। পুৱা ১১-০০ বজলৈকে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাত বিজেপিয়ে ৪৮খন, কংগ্ৰেছে ৩৬খন, ইণ্ডিয়ান নেচনেল লোক দলে ১খন, বি এছ পিয়ে ১খন আৰু নিৰ্দলীয়ই ৪খন আসনত আগবাঢ়ি আছে।
কিন্তু লক্ষ্যণীয় কথাটো হ’ল ১৩টা বিধানসভা সমষ্টিত অতি কম ভোটৰ ব্যৱধানত আগবাঢ়ি আছে প্ৰাৰ্থী। এই ১৪টাৰ ভিতৰত খাৰখুদা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকী মাত্ৰ ২৫ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ।
কালকা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ বিজেপি প্ৰাৰ্থীগৰাকী মাত্ৰ ৪৫৬টা ভোটত আগবাঢ়ি আছে। ইন্দ্ৰ্ৰি সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ ৫৯২টা ভোটত আগবাঢ়ি আছে।
নীলোখেৰি বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ১২,৫৬৫টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এতিয়ালৈকে লাভ কৰিছে ১১,৮০০টা ভোট। বিজেপিৰ প্ৰৰ্থীগৰাকীয়ে আগবাঢ়ি আছে ৭৬৫টা ভোটত।
জোলানা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকী ১৪১৭টা ভোটট আগবাঢ়ি আছে। উক্ত সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মল্লযুঁজাৰু বিনেশ ফগাটে।