সংখ্যাগৰিষ্ঠতাৰে হাৰিয়ানা বিধানসভালৈ পুনৰ বিজেপিঃ নিজৰ নাক কাটিলে আপে...

৯০ খন আসনৰ ৪৮ খনেই বিজেপিৰ দখলত, কংগ্ৰেছে পালে ৩৭ খন

author-image
Asomiya Pratidin
New Update
সংখ্যাগৰিষ্ঠতাৰে হাৰিয়ানা বিধানসভালৈ পুনৰ বিজেপিঃ নিজৰ নাক কাটিলে আপে...

সংখ্যাগৰিষ্ঠতাৰে হাৰিয়ানা বিধানসভালৈ পুনৰ বিজেপিঃ নিজৰ নাক কাটিলে আপে...

ডিজিটেল ডেস্কঃ হাৰিয়ানাত তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিলে বিজেপিয়ে। ৯০ খন আসনৰ হাৰিয়ানা বিধানসভাত মেজিক নম্বৰ ৪৬ অতিক্ৰম কৰিলে বিজপিয়ে। দলটোৱে মুঠ ৪৮ খন আসন লাভ কৰিছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩৭ খন, ইণ্ডিয়ান নেচনেল লোক দলে ২ খন আৰু নিৰ্দলীয়ই ৩ খন আসন লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনত আম আদমি পাৰ্টিয়ে এখনো আসন দখল কৰিবলৈ সক্ষম নহ'ল। একাংশ ৰাজনৈতিক বিশেষজ্ঞৰ মতে ৰাজ্যখনত কংগ্ৰেছৰ ক্ষমতা দখলৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ বাবেই বিজেপিয়ে পুনৰ তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হ'ল।

মন কৰিবলগীয়া যে বিজেপিয় এটা দশকৰ পাছত ৰাজ্যখনত পুনৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ইয়াৰ পূৰ্বে ২০১৪ ত প্ৰথমবাৰৰ বাবে ৪৭ খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতাৰে হাৰিয়ানা বিধানসভাত প্ৰৱেশ কৰিছিল। ২০১৯ ত দলটোৰ আসনৰ সংখ্যা ৪০ তললৈ নামি আহিছিল যদিও নিৰ্দলীয় বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল।

আজিৰ নিৰ্বাচনী ফলাফল বিশ্লেষণ কৰি বহু কেইটা সমষ্টিত আম আদমি পাৰ্টিয়ে নিজৰ নাক কাটি কংগ্ৰেছৰ যাত্ৰা ভংগ কৰাৰ দৰে এক দৃশ্য পৰিস্ফুট হৈ পৰিছে। ৰাজ্যখনত বহু কেইটা সমষ্টিত আপৰ প্ৰাৰ্থীৰ বাবেই কংগ্ৰেছৰ প্ৰাৰ্থী পৰাস্ত হয়।

হাৰিয়ানাৰ এই নিৰ্বাচনী ফলাফলে অৱশ্যে কংগ্ৰেছতকৈ আপক হে অধিক চাপত ৰাখিছে। কিয়নো সন্মুখত আছে দিল্লী বিধানসভাৰ নিৰ্বাচন। অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ প্ৰতি মানুহৰ আস্থা হ্ৰাস পোৱাত স্বাভাৱিকতে চিন্তিত আপৰ নেতৃত্ব।

হাৰিয়ানাত বিজেপিয়ে তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰাৰ মূল কাৰণ হিচাপে কেইবাটাও কাৰণ আছে। কৃষণ আন্দোলন, বিনেশ ফোগাটকে ধৰি মল্ল যুঁজাৰু সকলৰ সৈতে কৰা আচৰণ, ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, অগ্নিপথ আঁচনিৰ বিৰোধ আদি ইছ্যু নিৰ্বাচনত আছিল যদিও বিজেপিয়ে অতি সহজে সংখ্যাগৰিষ্ঠতা দখল কৰে।

তাৰোপৰি বিজেপিৰ জয়ত জনগোষ্ঠীসমূহৰ পৰিসংখ্যাও ভূমিকা পালন কৰিছে। হাৰিয়ানাৰ ২৭ শতাংশ জাট সম্প্ৰদায়ক মূল লক্ষ্য হিচাপে লৈছিল কংগ্ৰেছে। কিন্তু দলটোক জাট সকলে আদৰি নললে। ফলত ভোট বিভাজন হয়।

ৰাজ্যখনত দলিত, অ' বি চি আছে ক্ৰমে ২১ আৰু ৩৩ শতাংশ। উচ্চবৰ্ণ আৰু অ' বি চিৰ অধিকাংশ ভোট লাভ কৰিলে বিজেপিয়ে। বিজেপিৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনি অ' বি চি সম্প্ৰদায়ৰ হোৱাৰ বাবে এই সম্প্ৰদায়ৰ অধিকাংশ ভোট বিজপিলৈ গৈছে।

অৱশ্যে ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ নাহিলেও ভোট লাভৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। ২০০৪ পৰা ২০১৪ লৈ এটা দশক ক্ষমতাত থকা কংগ্ৰেছৰ ভোট আৰু আসন হ্ৰাস পাই ২০১৪ ত ক্ষমতাৰ পৰাই আঁতৰিবলগীয়া হয়। আসনৰ হিচাপত ২০১৪ ত কংগ্ৰেছ হাৰিয়ানাত তৃতীয় স্থানত থাকে। তেওঁলোকে সেইবাৰ মাত্ৰ ২০ শতাংশ ভোট লাভ কৰি ১৫ খন আসন পাইছিল।

২০১৯ ত কংগ্ৰেছৰ ভোট ২৮ শতাংশৰো অধিক হয় আৰু দলটোৱে৩১ খন আসন দখল কৰে। ৰাজ্যখনত এইবাৰ কংগ্ৰেছৰ ভোট ৩৯.১ শতাংশলৈ বৃদ্ধি পায়। বিজেপিয়ে লাভ কৰিছে ৩৯.৯ শতাংশ। অৰ্থাৎ দুয়ো দলৰ মাজৰ ভোট ব্যৱধান ১ শতাংশও নহয়।

ৰাজ্যখনত বিজেপিৰ বিজয়ী উল্লেখযোগ্য প্ৰাৰ্থীসমূহ হৈছে ক্ৰমে মুখ্যমন্ত্ৰী নায়াব সিং ছাইনি, প্ৰভাৱশালী মন্ত্ৰী অনিল ভিজ, প্ৰাক্তন মুখ্যমন্ত্ৰী বংশী লালৰ নাতিনী আৰু প্ৰাক্তন কংগ্ৰেছ সাংসদ শ্ৰুতি চৌধুৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভজন লালৰ নাতি তথা প্ৰাক্তন কংগ্ৰেছ নেতা কুলদীপ বিষ্ণাইৰ পুত্ৰ ভৱ্য, মডেল জেছিকা লালৰ হত্যাকাৰী মনু শৰ্মাৰ মাতৃ শক্তিৰাণী, কেন্দ্ৰীয় মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙৰ কন্যা আৰতি আদি।

বিজয়ী প্ৰভাৱশালী কংগ্ৰেছ প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুডা, মল্লযোদ্ধা বিনেশ ফোগাট, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী চন্দ্ৰ মোহন, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু এ আই চি চিৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাৰ পুত্ৰ আদিত্য আদি।

Also Read: জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰঃ ঘোষণা হ'ল মুখ্যমন্ত্ৰীৰো নাম...

কংগ্ৰেছ বিজেপি আপ হাৰিয়ানা বিধানসভা নিৰ্বাচন