হাৰিয়ানাত ফণীন্দ্ৰ নাথ শৰ্মাই দেখুৱালে কৰিশ্মা...

২০২৬ ত অসমত দেখুৱাব পাৰিবনে অনুৰূপ কৰিশ্মা?

author-image
Asomiya Pratidin
New Update
হাৰিয়ানাত ফণীন্দ্ৰ নাথ শৰ্মাই দেখুৱালে কৰিশ্মা...

ডিজিটেল ডেস্কঃ হাৰিয়ানা নিৰ্বাচনৰ ফলাফলক লৈ বহু আলোচনা হৈছে। কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ হৈছে। কংগ্ৰেছে এই ফলাফলক অপ্ৰত্যাশিত আখ্যা দি ফলাফলক মানি ল’বলৈ বিচৰা নাই। তেওঁলোকৰ মতে এই ফলাফল জনসাধাৰণৰ ৰায় নহয়। ইয়াত বিসংগতি দেখা পাইছে কংগ্ৰেছে।

নিৰ্বাচনৰ ভোটগণনাৰ পাছত আনকি এক্সিট পোলো গৈছিল বিজেপিৰ বিৰুদ্ধে। ৰাজ্যখনত দুটা কাৰ্যকাল শেষ কৰা বিজেপিৰ মাজত দেখা দিয়া ক্ষমতাৰ বাবে অৰিয়াঅৰি, বিসম্বাদৰ লগতে নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি নিৰ্বাচনৰ প্ৰচাৰৰ মাজলৈকে বিজেপিত খহনীয়া অব্যাহত আছিল।

এনে পৰিস্থিতিতো বিজেপিয়ে ৪৮ খননৈ আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা বিষয়টো স্বাভাৱিকতে চৰ্চাৰ বিষয় হৈছে। পিছে হাৰিয়ানাত বিজেপিৰ এনে চমকপ্ৰদ ফলাফলৰ আঁৰত আছে অসমৰ এগৰাকী বিশেষ ব্যক্তি।

প্ৰায় এটা বছৰ পূৰ্বে হাৰিয়ানাত সাগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল ফণীন্দ্ৰ নাথ শৰ্মাই। অসমত তেওঁৰ সফলতাৰ বাবেই হাৰিয়নালৈ বদলি কৰা হৈছিল। হাৰিয়ানাত তেওঁ উপস্থিত হোৱাৰ পিছতে কাম আৰম্ভ কৰিছিল।

দলটো সন্মুখীন হোৱা বিপদৰ সময়ত তেওঁ নেতৃত্ব বহন কৰিছিল। বিজেপিৰ উত্থানত কেমেৰাৰ আঁৰত থাকিয়েই অন্যতম মুখ্য ভূমিকা পালন কৰিলে এইগৰাকী নেতাই। তেওঁ ৰাজ্যখনত ভৰি দিয়াৰ পিছতেই তৃণমূলত কাম কৰিবলৈ আৰম্ভ কৰে।

তেওঁ তৃণমূল পৰ্যায়ত সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবেই সকলো প্ৰত্যাহ্বান নেওচি ৰাজ্যখনত বিজেপি পুনৰ এবাৰ ক্ষমতালৈ আহিবলৈ সক্ষম হয়। অসমত থকাৰ সময়ত অসম বিজেপিৰ অন্যতম প্ৰভাৱশালী নেতা আছিল ফণীন্দ্ৰ নাথ শৰ্মা।

অসম বিজেপিৰ তেওঁৱেই আছিল হৰ্তা, কৰ্তা, বিধাতা। হাৰিয়ানাত বিজেপিক উদ্ধাৰ কৰি তেওঁৰ পুনৰ অসমলৈ আগমণ ঘটাৰ বাট মুকলি হৈছে। শীঘ্ৰেই তেওঁ পুনৰ ঘূৰি আহিব অসমলৈ। ২০২৬ ক সন্মুখত লৈ তেওঁ কাম আৰম্ভ কৰিব।

ইতিমধ্যে অসম বিজেপিত সৃষ্টি হোৱা লবী কেন্দ্ৰীক ৰাজনীতি, একাংশ নেতাৰ মইমতালি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ শীঘ্ৰেই অসমত ভৰি দিব। অৱশ্যে অসমত যোৱা দুটা কাৰ্যকাল বিজেপিৰ বিজয়ত  অন্যতম ভূমিকা পালন কৰা আৰু হাৰিয়ানাতো অনুৰূপ ধৰণে সফলতা অৰ্জন কৰাৰ পাছত ২০২৬ লৈকে তেওঁ কিদৰে দায়িত্ব পালন কৰে সেয়া হ’ব লক্ষ্যণীয়।

Also Read: হাৰিয়ানাত বিজেপি, কংগ্ৰেছৰ ভোট ব্যৱধান ১ শতাংশৰো তলত...

বিজেপি হাৰিয়ানা ফণীন্দ্ৰ নাথ শৰ্মা