ৰাহুল গান্ধীলৈ হাৰিয়ানা বিজেপিয়ে প্ৰেৰণ কৰিছে ১ কেজি জেলেপি...

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে তীব্ৰ কটাক্ষ

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীলৈ হাৰিয়ানা বিজেপিয়ে প্ৰেৰণ কৰিছে ১ কেজি জেলেপি...

ৰাহুল গান্ধীলৈ হাৰিয়ানা বিজেপিয়ে প্ৰেৰণ কৰিছে ১ কেজি জেলেপি...

ডিজিটেল ডেস্কঃ পূজা মানেই জেলেপি। দেশৰ সকলো প্ৰান্ততে দুৰ্গা পূজাৰ সময়ত জেলেপিৰ চাহিদা বৃদ্ধি হয়। দুৰ্গা পূজাৰ সময়ত উপহাৰ হিচাপেও জেলেপি দিয়াৰ নিয়ম। কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়েও লাভ কৰিলে উপহাৰ হিচাপে লাভ কৰিলে জেলেপি। অৱশ্যে এই উপহাৰে তেওঁৰ মুখ মিঠা নকৰে। তেওঁক তিতাহে দিলে।

হাৰিয়ানাত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতাৰে বিজয় হোৱাৰ পাছতে হাৰিয়ানা কংগ্ৰেছে ৰাহুল গান্ধীলৈ এক কেজি জেলেপি উপহাৰ হিচাপে প্ৰেৰণ কৰিছে।এক্সত হাৰিয়ানা বিজেপিয়ে এই বিষয়ে এক পোষ্ট দিছে। সেই পোষ্টত লিখিছে, ভাৰতীয় জনতা পাৰ্টিৰ হাৰিয়ানাৰ সকলো কৰ্মীৰ ফালৰ পৰা ৰাহুল গান্ধীৰ বাবে তেওঁৰ বাসগৃহলৈ জেলেপি প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পাছতে বিষয়টোক লৈ নেটিজেনসমূহৰ মাজত চৰ্চা আৰম্ভ হৈছে। কিন্তু প্ৰশ্ন উঠিছে ৰাহুললৈ জেলেপি প্ৰেৰণ কৰিলে কিয়? দৰাচলতে হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে দাবী কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা জি এছ টিৰ বাবে জেলেপিৰ ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হৈছে।

ৰাহুলৰ এই মন্তব্যৰ পাছতে বিজেপিয়ে কটাক্ষ কৰিছিল, ৰাহুল গান্ধীয়ে দৰাচলতে জেলেপি কিদৰে প্ৰস্তুত কৰা হয় নাজানেই। সেয়ে হাৰিয়ানা বিজেপিয়ে নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতে ৰাহুল গান্ধীক কটাক্ষ কৰি এইদৰে জেলেপি প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰ একক সংখ্যাগৰিষ্ঠতা অৰ্জনেৰে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে। দলটোৱে ৪৮ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩৭ খন আসনহে লাভ কৰে।

অৱশ্যে কংগ্ৰেছে হাৰিয়ানা নিৰ্বাচনৰ এই ফলাফল মানি ল’ব বিচৰা নাই। কংগ্ৰেছৰ মতে হাৰিয়ানাৰ এই ফলাফল বাস্তৱ পৰিস্থিতিৰ সম্পূৰ্ণ বিপৰীত। এয়া হাৰিয়ানাৰ জনতাৰ ৰায় নহয়। এই ফলাফল অপ্ৰত্যাশিত আৰু অবিশ্বাস্য। হাৰিয়ানাৰ মানুহে পৰিবৰ্তনৰ পক্ষত ভোট দিছিল। সেয়ে এনে পৰিস্থিতিত আমি এই ফলাফল মানি লোৱা সম্ভৱন নহয়।

স্মৰ্তব্য, যদিও হাৰিয়ানাত বিজেপিয়ে ৪৮ খন আসন লাভ কৰিছে ভোটৰ শতাংশৰ ব্যৱধানৰ হাৰ অৱশ্যে কংগ্ৰেছৰ সৈতে ১ শতাংশও নহয়।বিজেপিয়ে ৰাজ্যখনত মুঠ ৩৯.৯৪ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩৯.০৯ শতাংশ ভোট লাভ কৰিছে। তাৰ পাছতো দলটোৱে আঞ্চলিক ৰাজনৈতিক দল, নিৰ্দলীয় প্ৰাৰ্থী আৰু আপৰ মাজত হোৱা ভোট বিভাজনৰ বাবে ক্ষমতা দখল কৰিব নোৱাৰিলে বুলি দাবী কৰিছে বিশেষজ্ঞ মহলে।

Also Read: অনলাইন বজাৰত বাঢ়িছে শৰতৰ চাহিদা...

ৰাহুল গান্ধী কংগ্ৰেছ বিজেপি হাৰিয়ানা