তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে বিচাৰিলে সম্পূৰ্ণ প্ৰতিবেদন...

ৱাই এছ আৰ কংগ্ৰেছে নস্যাত কৰিছে চন্দ্ৰবাবু নাইডুৰ মহা অভিযোগ
তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে বিচাৰিলে সম্পূৰ্ণ প্ৰতিবেদন...
তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে বিচাৰিলে সম্পূৰ্ণ প্ৰতিবেদন...
Published on
Updated on

ডিজিটেল ডেস্কঃ তিৰুপতি মন্দিৰৰ প্ৰসাদ (লাড়ু) তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ঘিউত পশুৰ চৰ্বি থকাৰ গুৰুতৰ অভিযোগ উত্থাপনৰ পাছতেই বিষয়টোক লৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক এই অভিযোগৰ সন্দৰ্ভত বিতং প্ৰতিবেদন বিচাৰিছে।

উল্লেখ্য যে, বিখ্যাত তিৰুপতি মন্দিৰত যি প্ৰসাদ আগবঢ়োৱা হয় সেই প্ৰসাদ প্ৰতি বছৰে দেশ, বিদেশৰ কোটি কোটি ভক্তকো দিয়া হয়। এই প্ৰসাদত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ঘিউত পশুৰ চৰ্বি ব্যৱহাৰ হোৱা বুলি প্ৰকাশ পোৱাৰ পিছতে এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ বিতৰ্কৰো আৰম্ভ হৈছে।

কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে। স্বয়ং মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে উত্থাপন কৰা এই মহা অভিযোগৰ পাছতে এতিয়া এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগেৰে কঠোৰ শাস্তিৰো দাবী উত্থাপন হৈছে।

চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিয়ে চলিত সপ্তাহতে যোৱা জুলাইৰ মাহৰ এখন প্ৰতিবেদনৰ আঁত ধৰি অভিযোগ কৰিছিল যে, ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টীৰ জগন মোহন ৰেড্ডী ক্ষমতাত থকাৰ সময়ত ব্যৱহাৰ কৰা ঘিউৰ নমুনা গুজৰাটৰ চৰকাৰাৰ দ্বাৰা পৰিচালিত এটা পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পাছত এই ঘিউত গো মাংস, মাছৰ তেল, গাহৰিৰ চৰ্বি আদিৰ উপস্থিত ধৰা পৰিছে।

চন্দ্ৰবাবু নাইডু আৰু জনসেনা পাৰ্টিৰ নেতা পৱন কল্যাণে লগতে এইবুলিও অভিযোগ কৰিছে যে, জগন মোহন ৰেড্ডীয়ে তিৰুপতি মন্দিৰ আৰু সনাতন ধৰ্মকো অপবিত্ৰ কৰিছে। উল্লেখ্য যে, তেলেগু দেশম পাৰ্টি আৰু জনসেনা পাৰ্টি কেন্দ্ৰত বিজেপিৰ মিত্ৰতাত আছে। সেয়ে এই অভিযোগে এতিয়া এক নতুন মাত্ৰা লাভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় বান্দীয়ে এই প্ৰসংগত কয়, এয়া এক ক্ষমা কৰিব নোৱাৰা পাপ কাম হৈছে। তিৰুমালা তিৰুপতি দেৱস্থানৰ বোৰ্ডৰ সদস্য তথা বিজেপি সাংসদ ভানু প্ৰকাশ ৰেড্ডীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ দাবী উত্থাপন কৰিছে।

অৱশ্যে ৱাই এছ আৰ কংগ্ৰেছে উত্থাপিত এই অভিযোগ নস্যাত কৰিছে। দলটোৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়ে কয় যে, দেৱতালৈ দৈনিক আগবঢ়োৱা পবিত্ৰ প্ৰসাদ আৰু ভক্তসকলক দিয়া লাড়ুত চৰ্বি ব্যৱহাৰ হোৱাৰ অভিযোগ অকল্পনীয়। তেওঁ এয়া চন্দ্ৰবাবু নাইডুৰ ইচ্ছাকৃত জঘণ্য অভিযোগ বুলি দাবী কৰিছে।

তেওঁ লগতে কয় যে, চন্দ্ৰবাবু নাইডুৱেহে এনেধৰণৰ অপবাদ জাপি কোটি কোটি ভক্তক প্ৰভাৱিত কৰি মন্দিৰৰ পবিত্ৰতা বিনষ্ট কৰিছে। দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা কৰুণাকৰ ৰেড্ডী যি, তিৰুপতি তিৰুমালা দেৱস্থানমৰ দুটা কাৰ্যকালৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁৰ মতে চন্দ্ৰবাবু নাইডুৱে উত্থাপন কৰা এই অভিযোগ ৰাজনৈতিক আক্ৰোশ পূৰণৰ এক কৌশল।

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে বিচাৰিলে সম্পূৰ্ণ প্ৰতিবেদন...
নগাঁও পলিটেকনিকত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in