ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতৰ দৰে দক্ষিণ ভাৰততো বানে সৃষ্টি কৰিছে তাণ্ডৱ। প্ৰৱল বৃষ্টিপাতৰ ফলত দক্ষিণৰ একাধিক ৰাজ্যত বানপানীৰ সৃষ্টি হৈছে। কৰ্ণাটক, তামিলনাডু আৰু কেৰালাতা ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
এই তিনি জিলাত প্ৰৱলতকৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনাই আছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এনে সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানাত বিদ্যালয়সমূহ প্ৰাথমিক ভাৱে দুদিনৰ কাৰণে বন্ধ ঘোষণা কৰা হৈছে। দুদিন পাছত বতৰৰ মতিগতি পৰ্যবেক্ষণ কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, দক্ষিণ ভাৰতত বিগত কেইবাদিন ধৰি বৰষুণ অব্যাহত আছে। ভৰি উঠিছে সকলো সৰু বৰ নদ, নদী। বৰষুণ অব্যাহত থকাত ৰাজ্য কেইখনৰ প্ৰায়সমূহ জিলাতে জনসাধাৰণৰ জীৱন বিপৰ্যস্ত হৈ পৰিছে।
প্ৰৱল বৰষুণৰ বাবে মঙ্গলবাৰে কৰ্ণাটকত চাৰি জন লোকৰ মৃত্যু হৈছে বুলি জনাইছে প্ৰশাসনে। ১ জুনৰ পৰা ২৪ জুলাই পৰ্যন্ত ২৭ জনকৈ লোকৰ মৃত্যু হৈছ বুলি প্ৰশাসনৰ ফালৰ পৰা জনাইছে। ইয়াৰে অধিকাংশৰ মৃত্যুৰ কাৰণ ব্ৰজপাত।
মঙ্গলবাৰে তামিলনাডুত বৰষুণৰ ফলত বাঢ়িনী পানীত ২ কিশোৰী উটি গৈছে।এখন সৰু নদী পাৰ হোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছে। প্ৰৱল বৃষ্টিপাতৰ ফলত হায়দৰাবাদতো জনজীৱন বিপৰ্যস্ত হৈ পৰিছে।
পথত যানজট হ্ৰাস কৰিবৰ বাবে আৰক্ষীয়ে তথ্যপ্ৰযুক্তি সংস্থাসমূহক কাৰ্যালয়ৰ সময় পৰিবৰ্তনৰ অনুৰোধ কৰা হৈছে। কৰ্ণাটকৰ উপকূল অঞ্চলৰ লোকসকলক নিম্ন অঞ্চলসমূহ পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ দিছে।
Also Read: ঢকুৱাখনা সমবায়ত বগা চাউলৰ ক'লা বেহা: ৰাইজৰ উত্তাল প্ৰতিবাদ...