বিহাৰবাসীক বিহুৰ ওলগ জনালে হেমা মালিনীয়ে...

ভুল হৈ গ’ল হেমা মালিনীৰ ৷ বিহুৰ ওলগ জনাবলৈ গৈ পাহৰি গ’ল বিহু কাৰ জাতীয় উৎসৱ ৷ সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিৰ্তকত সোমাই পৰিল জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰীগৰাকী
বিহাৰবাসীক বিহুৰ ওলগ জনালে হেমা মালিনীয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভুল হৈ গ’ল হেমা মালিনীৰ ৷ বিহুৰ ওলগ জনাবলৈ গৈ পাহৰি গ’ল বিহু কাৰ জাতীয় উৎসৱ ৷ সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিল জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰীগৰাকী ৷ বৃহস্পতিবাৰে ৩ ৰাজ্যৰ উৎসৱৰ প্ৰাকক্ষণত টুইটাৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল হেমা মালিনীয়ে ৷ ৩ খন ৰাজ্যৰ নাম উল্লেখ কৰি বৈশাখ, বিহু আৰু নৱ বৰ্ষৰ সামাজিক মাধ্যমত ফটোসহ শুভেচ্ছা জ্ঞাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

য’ত তেওঁ বৈশাখ পঞ্জাৱৰ, পশ্চিম বংগৰ পয়েলা বৈশাখ আৰু বিহাৰৰ বিহু বুলি উল্লেখ কৰিলে ৷অসমৰ পৰিৱৰ্তে বিহাৰৰ কথা উল্লেখ কৰাক লৈ এতিয়া সামাজিক মাধ্যমত তীব্ৰ হৈ চৈৰ সৃষ্টি হৈছে ৷

এগৰাকী প্ৰাক্তন সাংসদ তথা জনপ্ৰিয় অভিনেত্ৰীয়ে বিহু অন্য ৰাজ্যৰ বুলি উল্লেখ কৰাক লৈ স্বাভিৱকতে স্বাভিমানী অসমীয়াৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিহুক গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তভুক্তিৰৰ দিনটোতে উৎসাহিত হৈ থকা এনে খবৰে প্ৰতিজন অসমীয়াক স্বাভাৱিকতে ব্যৰ্থিত কৰি তুলিছে ৷

বিহাৰবাসীক বিহুৰ ওলগ জনালে হেমা মালিনীয়ে...
আৰক্ষীক নাকী লগাব কোনে? থানাৰ ভিতৰত সুৰাৰ আড্ডা বিষয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in