ডিজিটেল ডেস্ক: আস্থা ভোটত জয় লাভ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ। ভ্ৰষ্টাচাৰৰ অভিযোগ উত্থাপন হোৱা হেমন্ত সোৰেণে সোমবাৰে ঝাৰখণ্ড বিধানসভাত অনুষ্ঠিত হোৱা আস্থা ভোটত জয়লাভ কৰে। ৮১ জনীয়া সদনত ৪৮ টা ভোটৰ সৈতে শাসকীয় মিত্ৰজোঁটৰ প্ৰস্তাৱ গৃহীত হয়।
ভোটত জয়লাভ কৰাৰ পাছতেই ঝাৰখণ্ড মুক্তি মৰ্চাই অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে ঝাৰখণ্ডৰ চৰকাৰ ভংগ কৰাৰ চেষ্টা কৰিছিল। হেমন্ত সোৰেণে কয় যে বিজেপিয়ে গৃহযুদ্ধৰ দৰে পৰিস্থিতি উদ্ভৱ কৰাৰ চেষ্টা কৰিছিল।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সোৰেণে কয় যে শৰ্মাই ঝাৰখণ্ডৰ বহু বিধায়ক কিনাৰ চেষ্টা কৰিছিল।
আৰু পঢ়ক: ধুবুৰীত শিক্ষক দিৱস উদযাপন…