ছাত্ৰী নিৱাসৰ বাথৰুমত গোপন কেমেৰা: ৰেকৰ্ড কৰিলে ৩০০ ৰো অধিক ভিডিঅ'...

অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত সংঘটিত হোৱা এই ঘটনাই জোকাৰিছে দেশ
ছাত্ৰী নিৱাসৰ বাথৰুমত গোপন কেমেৰা: ৰেকৰ্ড কৰিলে ৩০০ ৰো অধিক ভিডিঅ'...
ছাত্ৰী নিৱাসৰ বাথৰুমত গোপন কেমেৰা: ৰেকৰ্ড কৰিলে ৩০০ ৰো অধিক ভিডিঅ'...
Published on
Updated on

ডিজিটেল ডেস্কঃ কিশোৰী, যুৱতী, মহিলাৰ ওপৰ অব্যাহত থকা যৌন নিৰ্যাতনৰ ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ, প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই এখন শিক্ষানুষ্ঠানত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। অন্ধ্ৰপ্ৰদেশৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰীৰ আৱাসগৃহৰ বাথৰুমত গোপন কেমেৰা সংস্থাপন কৰি ৰেকৰ্ড কৰিলে ছাত্ৰীৰ আপত্তিজনক শ শ ভিডিঅ'।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া মহিবিদ্যালয়খনৰ ছাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সূচনা হোৱাৰ লগতে প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে। জানিব পৰা মতে অন্ধ্ৰপ্ৰেদশৰ কৃষ্ণা জিলাৰ এছ আৰ গুডলাভালেৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰীৰ আৱাসগৃহৰ বাথৰুমত সংস্থাপন কৰা হৈছিল এটা গোপন কেমেৰা।

বৃহস্পতিবাৰে ছাত্ৰী নিবাসৰ বাথৰুমত উদ্ধাৰ কৰা হৈছে এই গোপন কেমেৰা। এই গোপন কেমেৰা সংস্থাপনৰ আঁৰত বিজয় নামৰ এজন যুৱক জড়িত থকাৰ প্ৰমাণ লাভ কৰিছে।

ইতিমধ্যে অভিযুক্ত বিজয়ৰ লেপটেপত বাথৰুমত গোপন কেমেৰাৰে ৰেকৰ্ড কৰা ৩০০ ৰো অধিক ভিডিঅ' উদ্ধাৰ কৰা হৈছে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই এতিয়া ছাত্ৰীসকলে তেওঁলোকৰ গোপনীয়তাক লৈ আশংকাত ভূগিছে।

ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ন্যায়ৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে কলেজ কৰ্তৃপক্ষৰ লগতে স্থানীয় প্ৰশাসনক শীঘ্ৰেই নিৰাপত্তা সুনিশ্চিত কৰি দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰিছে।

অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ সূত্ৰত একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিজয় নামৰ অভিযুক্ত যুৱকজনৰ লেপটপটো জব্দ কৰা হৈছে। এই লেপটপৰ পৰা উদ্ধাৰ কৰা হৈছে ৩০০ আপত্তিজনক ভিডিঅ'। আৰক্ষীয়ে সন্দেহ কৰিছে এই ভিডিঅ'সমূহ নীলা ছবিৰ ৱেবচাইটত বিক্ৰীৰ বাবে ৰেকৰ্ড কৰা হৈছিল।

ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। তেওঁ জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক মন্ত্ৰী কল্লু ৰবীন্দ্ৰৰ সৈতে ছাত্ৰী নিৱাসৰ ছাত্ৰীসকলক সাক্ষাৎ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

মন কৰিবলগীয়া যে, শেহতীয়াকৈ সমগ্ৰ দেশতেই নাৰী জনিত অপৰাধে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰায় প্ৰতিদিনেই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে। পশ্চিমবংগৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ উপৰিও অসম, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আদি বিভিন্ন ৰাজ্যত সংঘটিত হোৱা যৌন নিৰ্যাতনৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। তাৰ মাজতে এইবাৰ অন্ধ্ৰপ্ৰদেশৰ এখন মহাবিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাই সকলোৰে চকু কপালত তুলিছে।

ছাত্ৰী নিৱাসৰ বাথৰুমত গোপন কেমেৰা: ৰেকৰ্ড কৰিলে ৩০০ ৰো অধিক ভিডিঅ'...
ৰাজনৈতিক আশীৰ্বাদ নে নিজা দক্ষতা, কাৰ বলত ICC ৰো অধ্যক্ষ হ'ল জয় শ্বাহ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in