আঁতৰিব গান্ধী, আহিব নেতাজী ! টকাৰ ৰূপ সলনিৰ বাবে অখিল ভাৰত হিন্দু মহাসভাৰ দাবী...

author-image
Asomiya Pratidin
New Update
আঁতৰিব গান্ধী, আহিব নেতাজী ! টকাৰ ৰূপ সলনিৰ বাবে অখিল ভাৰত হিন্দু মহাসভাৰ দাবী...

indian rupee

ডিজিটেল ডেস্কঃ ভাৰতীয় টকাত মহাত্মাগান্ধীৰ উপৰিও নেতাজী সুভাষ চন্দ্ৰ বসুৰ ছবি সন্নিৱিষ্ট কৰিবলৈ উত্থাপন হোৱা দাবী নতুন নহয় যদিও এইবাৰ মহাত্মাগান্ধীৰ ছবিৰ পৰিৱৰ্তে কেৱল নেতাজীৰ ছবি সন্নিৱিষ্ট কৰিবলৈ উত্থাপন হৈছে নতুন দাবী। এই দাবী উত্থাপন কৰিছে অখিল ভাৰত হিন্দু মহাসভাই।

অখিল ভাৰতয় হিন্দু মহাসভাৰ দাবী স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদান জাতিৰ পিতা মহাত্মা গান্ধীতকৈ কোনো গুণে কম নাছিল। শুকুৰবাৰে পশ্চিমবংগৰ হিন্দু মহাসভাৰ কাৰ্যকৰী সভাপতি চন্দ্ৰচুৰ গোস্বামীয়ে এই দাবী উত্থাপন কৰিছে।

তেওঁ এই বিষয়ত কয় যে- নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান জনোৱাৰ এইটোৱোই সৰ্বশ্ৰেষ্ঠ উপায়। তেওঁৰ মতে, গান্ধীজীৰ ছবি ভাৰতীয় টকাৰ পৰা আঁতৰাই নেতাজীৰ ছবি সন্নিৱিষ্ট কৰিব লাগে।

ইফালে চন্দ্ৰচুৰ গোস্বামীৰ এই দাবীৰ পিছতে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে ইয়াৰ আঁৰত বিজেপিৰ চক্ৰান্ত দেখি পাইছে। তেওঁলোকৰ মতে হিন্দু মহাসভাৰ এই দাবীৰ আঁৰত আছে বিজেপি। বিজেপিয়ে বংগত বিভাজনৰ যি ৰাজনীতি খেলি আছে সেই ৰাজনীতিৰে এয়া এক অংগ।

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে এই দাবীৰ সন্দৰ্ভত মন্তব্য কৰি কয়- দেশৰ স্বাধীনতাত গান্ধীজীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। আমি সকলোৱে জানো যে, জাতিৰপিতাৰ হত্যাৰ আঁৰত কোন আছিল। গান্ধীজীৰ আদৰ্শক এতিয়া প্ৰতিদিনে হত্যা কৰা হৈছে।

উল্লেখ্য যে কলকাতাত শেহতীয়া দুৰ্গা পূজাৰ এক মণ্ডপত মহিষাসুৰৰ পৰিৱৰ্তে গান্ধীজীক দেখুওৱা হৈছিল। এই পূজা মণ্ডপ নিৰ্মাণ কৰিছিল অখিল ভাৰত হিন্দু মহাসভাই।

টিএমচি, বিজেপি, চিপিআই-এম আৰু কংগ্ৰেছকে ধৰি সকলো ৰাজনৈতিক দলে ইয়াক সমালোচনা কৰিছিল। অৱশ্যে দেশজুৰি সৃষ্টি হোৱা বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত মূৰ্তিটো সলনি কৰা হৈছিল।

mahatma gndhi indian rupee netaji subhash chandra bose