ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে চলিত বৰ্ষত ৯ বছৰ সম্পূৰ্ণ কৰে। এই উপলক্ষে তামিলনাডু বিজেপিয়ে এক ৰাজহুৱা সভাৰ আয়োজন কৰে। উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
দক্ষিণ চেন্নাই সংসদীয় সমষ্টিৰ মণ্ডল সভাপতিসকলে আয়োজন কৰা এক বৈঠকতো উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। দেওবাৰে অনুষ্ঠিত তামিলনাডুৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।
শ্বাহে কয় যে, ৰাজ্যখনত কংগ্ৰেছ আৰু ডি এম কে চৰকাৰে ১০ বছৰ শাসন কৰিছিল। উক্ত শাসনকালত চৰকাৰখনে কেলেংকাৰী আৰু দুৰ্নীতিৰে ৰাজ্যখনক ভৰাই তুলিছিল। আনহাতে ১২ হাজাৰ কোটি টকাৰ কেলেংকাৰীতো কংগ্ৰেছ আৰু ডি এম কে লিপ্ত হৈছিল। কিন্তু মোডী চৰকাৰৰ দিনত কোনোধৰণৰ কেলেংকাৰী অথবা দুৰ্নীতি হোৱা নাই।
মোডী চৰকাৰৰ দিনত হোৱা নাই কোনোধৰণৰ কেলেংকাৰী : অমিত শ্বাহ
বিশ্বৰ মানচিত্ৰত ভাৰতক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে এক শক্তিশালী স্থিতিত উপনীত কৰাইছে
Follow Us
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে চলিত বৰ্ষত ৯ বছৰ সম্পূৰ্ণ কৰে। এই উপলক্ষে তামিলনাডু বিজেপিয়ে এক ৰাজহুৱা সভাৰ আয়োজন কৰে। উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
দক্ষিণ চেন্নাই সংসদীয় সমষ্টিৰ মণ্ডল সভাপতিসকলে আয়োজন কৰা এক বৈঠকতো উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। দেওবাৰে অনুষ্ঠিত তামিলনাডুৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।
শ্বাহে কয় যে, ৰাজ্যখনত কংগ্ৰেছ আৰু ডি এম কে চৰকাৰে ১০ বছৰ শাসন কৰিছিল। উক্ত শাসনকালত চৰকাৰখনে কেলেংকাৰী আৰু দুৰ্নীতিৰে ৰাজ্যখনক ভৰাই তুলিছিল। আনহাতে ১২ হাজাৰ কোটি টকাৰ কেলেংকাৰীতো কংগ্ৰেছ আৰু ডি এম কে লিপ্ত হৈছিল। কিন্তু মোডী চৰকাৰৰ দিনত কোনোধৰণৰ কেলেংকাৰী অথবা দুৰ্নীতি হোৱা নাই।
কোনেও দুৰ্নীতিৰ বিৰুদ্ধে মোডী চৰকাৰক অভিযোগ উত্থাপন কৰা নাই। বিশ্বৰ মানচিত্ৰত ভাৰতক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে এক শক্তিশালী স্থিতিত উপনীত কৰাইছে বুলি ব্যক্ত কৰে মন্ত্ৰী শ্বাহে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিছিল। সংসদ ভৱনটিত দেশৰ সকলো পৰম্পৰাৰ লগতে চোল সাম্ৰাজ্যৰ কৃৰ্তিচিহ্নৱো স্থাপন কৰা হৈছে। যিসমূহে দেশৰ কৃষ্টি-পৰম্পৰাৰ মাজৰে একতাৰ পৰিচয় বহন কৰে।
Also Read: চিবিআইৰ হাতলৈ যাব নে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ?