ডিজিটেল ডেস্কঃ জনতাৰ সুৰক্ষাৰ বাবে আৰক্ষী। অথচ সেই আৰক্ষীক দেখিলে সুৰক্ষিত অনুভৱ কৰাৰ বিপৰীতে ভাৰতত ভয়হে কৰা পৰিলক্ষিত হয়। সৰ্বসাধাৰণে আৰক্ষীক বিশ্বাসৰ পৰিৱৰ্তে সন্দেহৰ দৃষ্টিৰে চোৱা বিষয়টোক দূৰ কৰিবলৈ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে জনসম্পৰ্ক ৰক্ষাৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে।
অৱশ্যে তাৰ মাজতে এনে কিছুমান আৰক্ষী বিষয়া অথবা কনিষ্টবলৰ কাহিনী পোহৰলৈ আহে যিয়ে আৰক্ষীৰ হেৰুওৱা বিশ্বাস উদ্ধাৰ কৰাই নহয়, জনসাধাৰণৰ মনত আৰক্ষীৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱ জাগ্ৰত কৰে। তেনে এজন আৰক্ষী বিষয়া হ'ল কৰুণাকৰ ৰেড্ডী।
এইগৰাকী সাহসী আৰক্ষী বিষয়াৰ বাবেই ৰক্ষা পৰিল ১৬ জন লোকৰ প্ৰাণ। তেওঁৰ সাহসিকতাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। তেলেংগানা লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক কেন্দ্ৰ কৰি এ বি ভি পিৰ কৰ্মীসকলে যোৱা কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে।
এনে প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰি এখন বাহনত উঠাই লৈ যায়। কিন্তু হঠাতে বাহনখনৰ চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱালে।
লগে লগে কোনো কথা চিন্তা নকৰি বাহনখনত থকা এছ আই কৰুণাকৰ ৰেড্ডীয়ে পিছফালৰ দুৱাৰ খুলি জঁপিয়াই দৌৰি যায় আৰু বাহনখনৰ চালকৰ দুৱাৰ খুলি ষ্টিয়েৰিং নিজে চম্ভালি ব্ৰেক মাৰি গাড়ীখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
এ এন আইত প্ৰকাশিত খবৰ অনুসৰি এবিভিপিৰ কৰ্মীসকলে টিএছপিএছচিৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত কেইবাদিনো ধৰি প্ৰতিবাদ কৰি আছে। যোৱা মঙলবাৰে, আৰক্ষীয়ে তেওঁলোক সকলোকে আটক কৰে আৰু খাইৰতাবাদ ফ্লাই অভাৰহৈ চৈফাবাদ আৰক্ষী থানালৈ লৈ যায়।
ফ্লাই অভাৰ পাৰ হোৱাৰ অলপ পিছতে, ভানখন চলাই থকা ৫৮ বছৰীয়া গৃহৰক্ষী ৰমেশ মৃগী ৰোগত আক্ৰান্ত হয়। যাৰ বাবে তেওঁ চালকৰ আসনতে অচেতন হৈ পৰে। সেই সময়ত উপ-পৰিদৰ্শক এছ কৰুণাকৰ ৰেড্ডী তিনিজন কনিষ্টবল আৰু প্ৰতিবাদকাৰীৰ সৈতে ভানখনৰ পিছফালে বহি আছিল।
চালকজন অচেতন হৈ পৰাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰে। তাৰ পিছতে কৰুণাকৰ ৰেড্ডীয়ে সাহসীকতাৰ পৰিচয় দি সকলোকে ৰক্ষা কৰে।
এই সন্দৰ্ভত তেওঁ কয়, "মই অনুভৱ কৰিছিলো যে চালকজন কিবা সমস্যাত ভূগিছে। মই ততালিকে ভানখনৰ পিছফালৰ দুৱাৰখন খুলি জঁপিয়াই দিছিলো। ভানৰ পৰা জঁপিয়াই পৰাৰ সময়ত মোৰ সোঁ আঁঠুত আঘাত লাগিছিল।
তেওঁ পুনৰ কয়, "যেতিয়া মই দৌৰি গৈ ভানখন ধৰি চালকৰ দুৱাৰ খন খুলিছিলো, মই চালকজনক চিটত অচেতন অৱস্থাত পৰি থকা দেখিছিলো। তেওঁৰ মুখৰ পৰা তেজ ওলাই আহিছিল। মই লগে লগে ষ্টিয়েৰিংটো বাওঁফালে ঘূৰাই আনখন হাতেৰে ব্ৰেক ধৰিলো। যাৰ পিছত গাড়ীখনে এডাল ডাঙৰ গছত খুন্দা মাৰে আৰু ৰৈ যায়।
উল্লেখ্য যে সাহসী আৰক্ষী বিষয়া কৰুণাকৰ ৰেড্ডীয়ে আৰক্ষী বাহিনীত যোগদান কৰাৰ আগতে ২০ বছৰ নৌসেনাত সেৱা আগবঢ়াইছিল।
Also Read: আদালতক সন্মান কৰিও ৰাহুল গান্ধীৰ সপেক্ষ দুই বিৰোধী মুখ্যমন্ত্ৰীঃ বিজেপিক তীক্ষ্ণ সমালোচনা...