ডিজিটেল ডেস্কঃ শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে বুধবাৰে গ্ৰহণ কৰে পদ্মশ্ৰী সন্মান। এই বঁটা লাভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে তেওঁ। ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে- কংগ্ৰেছৰ শাসনকালত মই পদ্মশ্ৰী নাপালো। ভাবিছিলো যে বিজেপি চৰকাৰে মোক এই সন্মান নিদিব। কিন্তু আপুনি মোক ভুল প্ৰমাণিত কৰিলে।
শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে প্ৰধানমন্ত্ৰী মোডীক কয়, "মই ১০ বছৰ অপেক্ষা কৰিছিলো কিন্তু পোৱা নাছিলো। তাৰ পিছত আশা কৰা নাছিলোয ভাবিছিলো যে বিজেপি চৰকাৰৰ দিনত পদ্ম বঁটা নাপাম।কিয়নো বিজেপিয়ে মুছলমানক একো নিদিয়ে। কিন্তু আপুনি মোৰ ধাৰণাটো ভুল প্ৰমাণ কৰিলে, তাৰ বাবে আপোনাক বহুত ধন্যবাদ।"
উল্লেখ্য যে, ৰাষ্ট্ৰপতিয়ে চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ১০৬ জন লোকৰ বাবে পদ্ম বঁটাত অনুমোদন জনাইছিল। বুধবাৰে মুঠ ৫৩ জন বঁটা বিজয়ীক সন্মানিত কৰা হয়।
#WATCH | Padma Shri awardee Shah Rasheed Ahmed Quadari thanked PM Modi after he received the award today
"During Congress rule, I didn't get it (Padma Shri). I thought BJP govt will not give it to me but you proved me wrong, " says Shah Rasheed Ahmed Quadari pic.twitter.com/BKQGMKc10R— ANI (@ANI) April 5, 2023
শ্বাহ ৰছিদ আহমেদ কাদৰী বিদ্ৰী কলাৰ বাবে জনাজাত। বিদ্ৰী হৈছে এক লোককলা যাৰ পৰম্পৰাগত সৃষ্টি কৰ্ণাটকৰ বিদাৰ চহৰৰ পৰা আৰম্ভ হৈছিল। পিছলৈ লাহে লাহে এই কলা তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশলৈ বিয়পি পৰিছিল।
Also Read: কামাখ্যা ৰে’ল ষ্টেচনত আটক ৩ বাংলাদেশী, জব্দ ভুৱা পাছপোৰ্ট