ছাত্ৰীক যৌন উৎপীড়নক কেন্দ্ৰ কৰি উত্তপ্ত IIT-BHU...

ছাত্ৰীক যৌন উৎপীড়নক কেন্দ্ৰ কৰি উত্তপ্ত IIT-BHU...
ছাত্ৰীক যৌন উৎপীড়নক কেন্দ্ৰ কৰি উত্তপ্ত IIT-BHU...
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰণাসীস্থিত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ চৌহদত বুধবাৰে নিশা এগৰাকী ছাত্ৰীক তিনি বাইক আৰোহীয়ে যৌন উৎপীড়ন চলোৱাৰ লগতে সেই উৎপীড়নৰ দৃশ্য কেমেৰাত বন্দী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে বিশ্ববিদ্যালয়খনৰ চৌহদ। বৃহস্পতিবাৰে ৰাজপুতানা হোষ্টেলৰ সন্মুখত শ শ শিক্ষাৰ্থীয়ে অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দাবী এই ঘটনাৰ সৈতে বাহিৰা শক্তি জড়িত হৈ আছে। সেয়েহে বিশ্ববিদ্যালয়খনৰ চৌহদত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে।

শিক্ষাৰ্থীৰ এনে প্ৰতিবাদত বৃহস্পতিবাৰে সমগ্ৰ বিশ্ববিদ্যালয়ৰ চৌহদ বন্ধ হৈ পৰে। শিক্ষাৰ্থীৰ প্ৰতিবাদত বন্ধ হৈ পৰে বিশ্ববিদ্যালয়খনৰ শ্ৰেণীসমূহৰ লগতে পৰীক্ষাগাৰৰ গৱেষণাৰ কামো। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনৰ চৌহদত ইণ্টাৰনেণ্ট সেৱা কৰ্তন কৰা হৈছে।

আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে লংকা আৰক্ষী থানাত এই সন্দৰ্ভত এক অভিযোগ দিছে। ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, বুধবাৰে নিশা তেওঁ আই আই টি হোষ্টেলৰ পৰা অলপ দূৰ যোৱাৰ পাছতে তেওঁৰ এজন বন্ধুক লগ পাইছিল। তাৰ পাছত দুয়ো কাৰমান বাবাৰ মন্দিৰৰ ওচৰত উপস্থিত হৈছিল। তেতিয়াই এখন বাইকত অহা তিনিজন ল'ৰাই তেওঁলোকক ৰখাইছিল।

ভুক্তভোগীগৰাকীয়ে কয়, তিনিওজন যুৱকে তেওঁৰ মুখ বন্ধ কৰি পথৰ কাষৰ কোণলৈ লৈ গৈছিল। ইয়াৰ পাছত তেওঁক প্ৰায় ১৫ মিনিট ধৰি বলপূৰ্বক চুম্বন কৰি উৎপীড়ন চলাইছিল। ইয়াৰ পাছত তেওঁৰ দেহৰ কাপোৰ খুলি সেই ভিডিঅ' সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত তিনি দুৰ্বৃত্তই ছাত্ৰীগৰাকীক যিমানদূৰ পাৰি সিমানলৈকে উৎপীড়ন চলাইছিল। আনহাতে তেওঁৰ সতীৰ্থগৰাকীক তেওঁলোকে বেয়াকৈ প্ৰহাৰ কৰিছিল।

ছাত্ৰীগৰাকীৰ অভিযোগৰ পাছতে লংকা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৫৪, ৫০৬ আৰু আই টি অধিনিয়মৰ আধাৰত গোচৰ ৰুজু কৰিছে। এই ঘটনাৰ পাছতে আই আই টিৰ পঞ্জীয়কগৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰি চৌহদৰ সকলো বেৰিকেড নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে।

ইয়াৰোপৰি নিশা আই কাৰ্ড দেখুওৱাৰ পাছতহে চৌহদত প্ৰৱেশ কৰিব পাৰিব। আইকাৰ্ড অবিহনে কোনো লোকেই চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব। ইফালে আৰক্ষীয়ে ৩ দুৰ্বৃত্তক বিচাৰি অভিযান আৰম্ভ কৰিছে। ইয়াৰ বাবে গঠন কৰিছে বিশেষ আৰক্ষী দল।

ছাত্ৰীক যৌন উৎপীড়নক কেন্দ্ৰ কৰি উত্তপ্ত IIT-BHU...
আজি অসমলৈ আহিব ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েল ৱাংচুক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in