নিবনুৱা সমস্যাৰ ভয়ংকৰ পৰিস্থিতিঃ IIT ৰ শিক্ষাৰ্থীৰে নাই চাকৰি, আন শিক্ষাৰ্থীৰ কি অৱস্থা?

নিৰ্বাচনী প্ৰচাৰত আলোচনা নহয় এইবোৰ বিষয়
নিবনুৱা সমস্যাৰ ভয়ংকৰ পৰিস্থিতিঃ IIT ৰ শিক্ষাৰ্থীৰে নাই চাকৰি, আন শিক্ষাৰ্থীৰ কি অৱস্থা?
নিবনুৱা সমস্যাৰ ভয়ংকৰ পৰিস্থিতিঃ IIT ৰ শিক্ষাৰ্থীৰে নাই চাকৰি, আন শিক্ষাৰ্থীৰ কি অৱস্থা?
Published on
Updated on

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত আছে। দেশজুৰি শাসক, বিৰোধী সকলোৱে নিৰ্বাচনী প্ৰচাৰত জোৰ দিছে। নিৰ্বাচনী প্ৰচাৰত শাসক, বিৰোধীসকোলোৱে সমালোচনাৰ নামত ব্যক্তিগত আক্ৰমণ, মুখ চুপতি, অশালীন গালি-গালাজ, সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিযোগিতাত নামিছে। ইয়াৰ বিপৰীতে মৌলিক সমস্যাৰ সন্দৰ্ভত কিন্তু শাসক, বিৰোধী সকলো নীৰৱ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি আই আই টি বোম্বেৰ চলিত বেটছৰ ৩৬ শতাংশ ছাত্ৰই এই পৰ্যন্ত লাভ কৰা নাই সংস্থাপন। উল্লেখ্য যে, আই আই টি বোম্বেত 'প্লেচমেণ্ট' চলি আছে। ইয়াৰ বাবে আই আই টি বোম্বেলৈ আহিছে দেশ-বিদেশৰ বহু প্ৰতিষ্ঠিত কোম্পানী। এই প্লেচমেণ্টত অংশ লোৱা পঞ্জীয়নকৃত মুঠ ছাত্ৰৰ ৩৬ শতাংশই লাভ কৰা নাই চাকৰি।

আই আই টি বোম্বেত চলি থকা 'প্লেচমেণ্ট'ৰ বাবে ২ হাজাৰৰো অধিক ছাত্ৰই পঞ্জীয়ন কৰিছিল। ইয়াৰে ৭১২ গৰাকী ছাত্ৰই এই পৰ্যন্ত লাভ কৰা নাই চাকৰি। উল্লেখ্য যে, আই আই টি বোম্বেত চলি থকা এই 'প্লেচমেণ্ট' প্ৰক্ৰিয়া অহা মে' মাহ পৰ্যন্ত অব্যাহত থাকিব।

আই আই টি বোম্বেৰ কম্পিউটাৰ বিজ্ঞান আৰু ইঞ্জীনিয়াৰিং শাখাৰ শিক্ষাৰ্থীৰ বিভিন্ন কোম্পানিত অধিক ডিমাণ্ড আছে। প্ৰতি বছৰে এই শাখাৰ ১০০ শতাংশ শিক্ষাৰ্থীয়েই চাকৰি লাভ কৰে। কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰ এই শাখাৰ শিক্ষাৰ্থীয়ে চাকৰি লাভ কৰা নাই।

উল্লেখ্য যে, বিগত বছৰত আই আই টি বোম্বেৰ ৩২.৮ শতাংশ শিক্ষাৰ্থীয়ে চাকৰি লাভ কৰা নাইছিল। এই বছৰ সেই সংখ্যা আৰু অধিক বৃদ্ধি পালে। অৱশ্যে চলিত বছৰৰ আই আই টিখনৰ ১,৪৮৫ গৰাকী শিক্ষাৰ্থীয়ে চাকৰি লাভ কৰিছে।

প্ৰকাশিত তথ্য মতে আই আই টি বোম্বেৰ প্লেচমেণ্ট চেলৰ সংশ্লিষ্ট বিষয়াসকলে দাবী কৰিছে বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে কোম্পানীবোৰক প্লেচমেণ্ট ছিজনৰ বাবে আমন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে। কেৱল বোম্বে আই আই টিয়েই নহয় দেশৰ প্ৰায় কেইখন আই আই টিতে শিক্ষাৰ্থীক চাকৰি প্ৰদান কৰিবলৈ বহুজাতিক প্ৰতিষ্ঠানৰ আগমণ হ্ৰাস পাইছে। নতুন আই আই টিসমূহলৈ এতিয়াও আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আহিবলৈ বিচৰা নাই।

এনে পৰিস্থিতিত সেয়ে প্ৰশ্ন উত্থাপন হৈছে, আই আই টি বোম্বেৰ দৰে প্ৰতিষ্ঠানৰেই যদি এই অৱস্থা তেনে আন আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ কি অৱস্থাৰ সৃষ্টি হৈছে? এনে পৰিস্থিতিৰ মাজতো বৰ্ধিত নিবনুৱা সমস্যা, সংস্থাপনহীনতা, মানৱ সম্পদৰ অপচয়ৰ বিষয়টোক লৈ চৰকাৰ তথা ৰাজনৈতিক দলৰ নেতাৰ গুৰুত্বহীনতাই চিন্তিত কৰি তুলিছে শিক্ষাৰ্থী, অভিভাৱক তথা সচেতন ৰাইজক।

নিবনুৱা সমস্যাৰ ভয়ংকৰ পৰিস্থিতিঃ IIT ৰ শিক্ষাৰ্থীৰে নাই চাকৰি, আন শিক্ষাৰ্থীৰ কি অৱস্থা?
কিমান কোটিৰ গৰাকী ৰাহুল গান্ধী? নিৰ্বাচন আয়োগত দাখিল তথ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in