''ক্ষমা কৰিব, মই ভাল নহয়'' আত্মহত্যা আই আই টি ছাত্ৰৰ...

''ক্ষমা কৰিব, মই ভাল নহয়'' আত্মহত্যা আই আই টি ছাত্ৰৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ বিষয়ে শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়।

এইবাৰ পুনৰ আত্মহত্যা কৰিলে আই আই টিৰ এজন ছাত্ৰই। মাদ্ৰাছ আই আই টিৰ পৰা পোহৰলৈ আহিছে এই ঘটনা। চলিত বৰ্ষত এয়া তৃতীয়টো আত্মহত্যাৰ ঘটনা। আৰক্ষীৰ মতে, ৩২ বছৰীয়া ছাত্ৰজন পশ্চিম বংগৰ বাসিন্দা আৰু আইআইটিৰ পৰা তেওঁ পিএইচডি কৰি আছিল। তেওঁৰ নাম আছিল শচীন।

ছাত্ৰজনক তেওঁৰ কোঠাত ফাচী লগাই থকা অৱস্থাত পোৱা গৈছিল। আত্মহত্যাৰ কেইঘন্টামান পূৰ্বে তেওঁ হোৱাটছএপত ষ্টেটাচ দি কৈছিল যে - ক্ষমা কৰিব, মই ভাল নহয়। এই ঘটনা ৩১ মাৰ্চৰ।

ছ'চিয়েল মিডিয়াৰ পোষ্টটো দেখি ছাত্ৰজনৰ বন্ধুসকলে ভয় খাইছিল।লগে লগে শচীন নামৰ যুৱকজনৰ ঘৰত উপস্থিত হৈ তেওঁ ওলমি থকা অৱস্থাত প্ৰত্য়ক্ষ কৰে। এম্বুলেঞ্চক খবৰ দিয়ে যদিও তেতিয়ালৈকে মৃত্যু হৈছিল ছাত্ৰজনৰ।

অৱশ্যে কি কাৰণে ছাত্ৰ জনে আত্মহত্যা কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ।

''ক্ষমা কৰিব, মই ভাল নহয়'' আত্মহত্যা আই আই টি ছাত্ৰৰ...
দৰঙৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ২জনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in