ৱায়নাডত প্ৰকৃতিৰ ধ্বংসলীলাঃ বতৰে ল'ব আৰু ভয়াৱহ ৰূপ...

সকলোধৰণৰ সহয়াৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ
ৱায়নাডত প্ৰকৃতিৰ ধ্বংসলীলাঃ বতৰে ল'ব আৰু ভয়াৱহ ৰূপ...
ৱায়নাডত প্ৰকৃতিৰ ধ্বংসলীলাঃ বতৰে ল'ব আৰু ভয়াৱহ ৰূপ...
Published on
Updated on

ডিজিটেল ডেস্কঃ কেৰালাৰ ৱায়নাড জিলাত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনত মৃতকৰ সংখ্যা ১২৩ জনলৈ বৃদ্ধি পাইছে। ভূমিস্খলনৰ ফলত সংঘটিত হোৱা এই ধ্বংসলীলাৰ মাজত এতিয়াও বহু মৃতদেহ আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

সমান্তৰালকৈ হাস্পতালত ভৰ্তি হৈ আছে প্ৰায় ১৩০ জন লোক। ইয়াৰে বহুতৰে অৱস্থা গুৰুতৰ বুলিও জানিব পৰা গৈছে। সেয়েহে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্ধাৰ অভিযান অতি তৎপৰতাৰে আগবাঢ়িছে যদিও বতৰে বাৰে বাৰে বাধা দিছে। দিনটোত বৰষুণৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী।

অৱশ্য তাৰ মাজতে ৱায়নাডৰ এন ডি আৰ এফ বাহিনী, ভাৰতীয় সেনা, ভাৰতীয় নৌ সেনাৰ লগতে নৌসেনাৰ বিশেষ ডুবাৰু বাহিনীয়েও উদ্ধাৰ অভিযানত নামি পৰিছে। তাৰোপৰি ৰাজ্যখনৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি বিভাগৰ লগতে গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীসকলেও এই উদ্ধাৰ অভিযানত বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিছে। বায়ু সেনাৰ দুখন বিমানো উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে।

জিলাখনত সংঘটিত হোৱা এই ভূমিস্খলনত সৰ্বাধিক ক্ষতিগ্ৰস্ত পাহাৰীয়া অঞ্চল কেইটা হৈছে মুণ্ডক্কাই, চৌৰলমালা, আট্টামালা, নুলপূজা আজি। এই অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ সমান্তৰালকৈ সাহায্য অভিযানো অব্যাহত আছে। উদ্ধাৰ কাৰ্যত কেন্দ্ৰীয় চৰকাৰেও ৰাজ্য চৰকাৰখনক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

বিশেষকৈ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত কেন্দ্ৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰেইন গৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্যৰ তদাৰক কৰিছে। তেওঁ ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, পেৰামেলিটেৰী বাহিনী, কেৰালা চৰকাৰৰ বিষয়া আৰু অন্যান্য সংস্থাৰ সৈতে সমন্বয়ক হিচাপেও দায়িত্ব পালন কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নক এই দুৰ্যোগৰ সময়ত সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙেও ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক তেওঁৰ দ্বাৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে।

ইফালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এই কৰুণ ঘটনাত শোক প্ৰকাশ কৰি শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰক সাহায্য ঘোষণাৰো দাবী কৰিছে।  ইফালে ৰাজ্যখনৰ কেইবাজনো মন্ত্ৰীয়ে ৱায়নাডৰ এই দুৰ্যোগস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে। আহতসকলৰ তাৎ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে দৃষ্টি ৰাখিছে।

এনে এক দুৰ্যোগৰ মোকাবিলা কৰি থকা ৰাজ্যখনৰ বাবে আহিছে আন এক বেয়া খবৰ। ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি বুধবাৰে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে কেৰালাতো ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে উদ্ধাৰ কাৰ্যত পুনৰ ব্যাঘাত জন্মাৰ সম্ভাৱনাই দেখা দিছে।

ৱায়নাডত প্ৰকৃতিৰ ধ্বংসলীলাঃ বতৰে ল'ব আৰু ভয়াৱহ ৰূপ...
কেৰালা ট্ৰেজেডীঃ ভাৰতীয় সেনা, নৌসেনা, NDRF সকলো নামিছে উদ্ধাৰ অভিযানত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in