ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কামৰ খতিয়ান ল’বলৈ নতুন দিল্লীত সোমবাৰে অনুষ্ঠিত হৈছে এক পৰ্যালোচনা বৈঠক। কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ অধ্যক্ষতাত বাণিজ্য ভৱনত অনুষ্ঠিত বৈঠকত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে প্ৰতিনিধি উপস্থিত আছে।
উল্লেখযোগ্য যে সময় মতে এই পথবোৰৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে এই অঞ্চলবোৰ। সেয়েহে এই পৰ্যালোচনা বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বৈঠকত অৰুণাচলত নিৰ্মীয়মাণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ ৪২৩ কি .মি. পথৰ সন্দৰ্ভত অগ্ৰগতিৰ বুজ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰিও মণিপুৰৰ ৭০৮ কি.মি, ত্ৰিপুৰাৰ ৩৪০ কি.মি. নিৰ্মীয়মাণ পথৰ কামৰ অগ্ৰগতি সন্দৰ্ভত এই বৈঠকত আলোচনা হ’ব। এই বৈঠকত অসমৰো নিৰ্মীয়মাণ ঘাইপথৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ’ব।
ইতিমধ্যে আৰম্ভ হোৱা বৈঠকত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা আৰু বহু সংখ্যক উচ্চ পদস্থ বিষয়াই অংশ লৈছে।
উল্লেখযোগ্য যে উক্ত বৈঠকত উত্তৰ-পূবৰ আন আন ৰাজ্যৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আৰু সাংসদ দিলীপ শইকীয়াই অংশ লয়। বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ কিছু গুৰুত্বপূর্ণ প্ৰকল্পৰ কাম ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক বিশেষভাৱে অনুৰোধ জনায়।
প্ৰকল্প কেইটা হৈছে-
-
যোৰহাট-ডিব্ৰুগড় ঘাইপথ সোনকালে সম্পূৰ্ণকৰণ।
-
কাজিৰঙা এলিভেটেড কৰিড'ৰ : এলাইনমেণ্ট অনুমোদন।
-
ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰ-নুমলীগড় সুৰংগ : ডি পি আৰ সম্পূৰ্ণ হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত।
-
বাইহাটা চাৰিআলি- তেজপুৰ ঘাইপথ সম্প্রসাৰিত ৪ লেনযুক্তকৰণ।
-
কমলাবাৰী আৰু নিমাতী ঘাট সংযোগী মাজুলী দলঙৰ পুনৰ নিবিদা।
ইফালে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- যোৰহাট-ডিব্ৰুগড় ঘাইপথ সোনকালে সম্পূৰ্ণকৰণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ লগত আমি আটায়ে খৰচি মাৰি আলোচনা কৰিছো। আমাৰ এই আলোচনাকালত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছিল।
এই আলোচনাত ভাৰত চৰকাৰৰ সংস্থা এন এইছ আই ডি চি এলে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম হাতত লৈছে। এই কামত যিসকল নিয়োজিত ঠিকাদাৰ, বিষয়া আৰু অসম চৰকাৰৰ মুখ্য সচিব আজিৰ এই আলোচনাত উপস্থিত থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
এই আলোচনাত সকলো পক্ষৰ পৰা আশ্বাস লাভ কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকযোগে জানিবলৈ দিয়ে। প্ৰসংগক্ৰমে কামৰ অগ্ৰগতি লেহেমিয়া হোৱাৰ কথাও তেঁও অকপটে স্বীকাৰ কৰে।
উজনি অসমত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমিয়া হোৱা বুলি তেঁও দোহাৰে। লগতে কয় যে এতিয়া যিহেতু বৰষুণ নাই গতিকে ক্ষীপ্ৰতাৰে কাম পুনৰাম্ভ কৰা হ’ব বুলি ব্যক্ত কৰে।
Also Read: উড়ান আঁচনি আৰু ১০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ...