ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰা এই অনুষ্ঠানত উত্তৰ-পূৱৰ ৰাজনীতি, অৰ্থনীতি, সমাজ,সংস্কৃতিৰ উপৰিও জলবায়ু ,গোলকীয় উষ্ণতা আদিৰ ওপৰতো আলোচনা হ'ব।
আজিৰ চতুৰ্থটো আলোচনা চক্ৰত উপস্থিত থাকে চিত্ৰ পৰিচালক তথা ছবি নিৰ্মাতা ইমটিয়াজ আলী। বলিউডৰ চিনাকী নাম ইমটিয়াজ আলী। জব ইউ মেট, তামাছা আদিৰ দৰে ছবি ছবি প্ৰেমীৰ বাবে আগবঢ়াইছে ছবি নিৰ্মাতা গৰাকীয়ে।
এই আলোচনা চক্ৰৰ আঁত ধৰে প্ৰতিদিন টাইমৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। ছবি নিৰ্মাতা গৰাকীৰ ইনষ্ট্ৰাগ্ৰাম বায়ত কেৱল লিখা আছে ঘৰ-জমছেদপুৰ। এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, এই প্ৰশ্নটো পাই তেওঁৰ ভাল লাগিছে।
তেওঁ কয়, মই ভাল পাইছো আপুনি এই প্ৰশ্নটোৰে আৰম্ভ কৰিছে। মই আৱেগিক হৈ পৰিছো। ক'লা-সংস্কৃতিৰ ক্ষেত্ৰখনত যি থাকে সেই মানুহজন যিকোনো ঠাইৰ পৰা হ'ব পাৰে। মোৰ বাবে জমছেদপুৰ বিশ্বৰ ভিতৰত ভাল ঠাই। সৰু ঠাইবোৰত দেশৰ মহত্ব বুজা যায়। জমছেদপুৰত সকলো ঠাইৰ মানুহ আছে। গতিকে সকলো ঠাইৰ মানুহক লগ পাঁও।
আমি সকলোৰে ঘৰত গৈছিলো। তাত বিহাৰি, বেংগলী সকলো আছিল। সেইবোৰেই মোক মোক ছবি নিৰ্মাণ কৰাত সহায় কৰিছিল। তেওঁলোকৰ সংস্কৃতিৰ লগত চিনাকী হ'ব পাৰিছিলো।
হিন্দু কলেজত অধ্যয়ন কৰিছিল ইমটিয়াজ আলীয়ে। তেওঁ কয় যে কম বয়সৰ পৰা তেওঁ থিয়েটাৰ কৰিছিল। যাৰ বাবে কলেজত উপস্থিত থাকিব পৰা নাছিল। তেওঁ কয়, মোৰ উপস্থিতিৰ সংখ্যা কম আছিল। যাৰ বাবে অধ্যক্ষক কৈছিলো বঢ়াই দিবলৈ। তেতিয়া তেখেতে মোক কৈছিল তোমাৰ শ্ৰেণীৰ উপস্থিতি মই দিম, কিন্তু তাৰ বাবদ বছৰত দুটাকৈ প্ৰডাকশ্যন দিব লাগিব। তাৰপাছত মই এটাও ক্লাছ কৰা নাছিলো।
জীৱনত সফলতা লাভ কৰিবলৈ সংগ্ৰাম কৰিবই লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে, জীৱনত সংগ্ৰাম শেষ নহয়। এটা সময়ৰ পাছত মানুহে ভাৱে সংগ্ৰাম শেষ হ'ল। কিন্তু জীৱনত সংগ্ৰাম সদায় থাকে। অধিক সফলতাৰ বাবে সংগ্ৰাম কৰিব লাগিব। জীৱনত এনজয় কৰি আগুৱাই যাব লাগে।
দক্ষিণ ভাৰতীয় আৰু অসমীয়া ছবিয়ে একেলগে যাত্ৰ আৰম্ভ কৰিছিল। কিন্তু দক্ষিণাত্যৰ সমান কিয় অসমীয়া ছবি উদ্যোগ আগুৱাব পৰা নাই বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, চিনেমা এখনত বহু দিশ আহি পৰে। কাহিনীৰ পৰা আৰম্ভ কৰি মাৰ্কেটিঙলৈ। দক্ষিণাত্যৰ দৰ্শকখিনিও আগ্ৰহী। সমৰ্থন কৰে। তদুপৰি দক্ষিণাত্যৰ ছবিত পূৱ ভাৰতৰ ফ্লেভাৰো পোৱা যায়। তদুপৰি দক্ষিণাত্যৰ ছবিয়ে মানুহক আকৰ্ষণ কৰে।
সময় সকলোৰে আহে কেৱল কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। আমি কোনেও নিজস্বতা এৰি দিব নালাগে। নিজস্বতা এৰি দিলে হেৰাই যায়। অসমীয়া শিল্পীসকলেও নিজস্বতাটো এৰি দিব নালাগে। তেওঁলোকৰ মূল যি সেয়া সদায় লগত ৰাখিব লাগে।
ইমটিয়াজ আলীৰ ছবিৰ নাৰীৰ চৰিত্ৰ সমূহৰ আঁৰৰ কাহিনী সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, নাৰীৰ চৰিত্ৰবোৰ পৃথক হয়। কিন্তু সৃষ্টি কৰাৰ কোনো পদ্ধতি নাই। মোৰা চাৰিওফালে এনে বহু চৰিত্ৰ ঘূৰি থাকে। সেইবোৰকেই মই উপস্থাপন কৰিব চেষ্টা কৰো, মাঁথো তাত অলপ কল্পনাৰ ৰং ছটিয়াই দিও। মই মোৰ চাৰিওফালে যি দেখো, ছবিত সেয়াই দেখুৱাও।
'জব উই মেট'ৰ 'গীত' নামৰ চৰিত্ৰটোৰ কথা উল্লেখ কৰি কয় যে, দিল্লীৰ বাছত বহু ছোৱালী লগ পাইছিলো। পঞ্জাৱী ছোৱালীয়ে কথা বেছিকৈ কয়। একো নুসুধিলেও কথা কৈ থাকে। পাছত এয়াও ক'ব যে কথা বেছিকৈ কোৱা বাবে ভুল নাভাবিব। এই সমূহৰ পৰা সৃষ্টি হৈছিল 'গীত'ৰ।
অন্যা এখন ছবিৰ উদাহৰণ দি কয় যে, কিছুমান ছোৱালী বহুত ষ্ট্ৰং থাকে। কিন্তু আনক দুখ দিবলৈ নিবিচাৰে বাবে কথা কেতিয়াবা খুলি নকয়। তেতিয়া ল'ৰাজনে ভাৱে জয়ী হোৱা বুলি। কিন্তু আচলতে তেনে নহয়। এনেবোৰ কাৰণৰ পৰাই জন্ম হৈছিল 'তাৰা' চৰিত্ৰ। মই নাৰীৰ চৰিত্ৰক লৈ যথেষ্ঠ আগ্ৰহী।
ছবি 'ৰকষ্টাৰ'ৰ কথা উল্লেখ কৰি কয় যে, সকলো সংগ্ৰামৰ ওপৰত। আনি নিয়ম ভাঙি আগুৱাই যাব লাগিব। চিষ্টেম ব্ৰেক কৰিব লাগিব। যদি চিষ্টেম ভাঙি আমি আগুৱাই যাওঁ তেতিয়াও নতুন বিচাৰি পাব।