ভাৰতীয় গণতন্ত্ৰত প্ৰথমবাৰৰ বাবে ২০১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো দায়িত্ব মহিলাৰ কান্ধত...

ভাৰতীয় গণতন্ত্ৰত প্ৰথমবাৰৰ বাবে ২০১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো দায়িত্ব মহিলাৰ কান্ধত...
ভাৰতীয় গণতন্ত্ৰত প্ৰথমবাৰৰ বাবে ২০১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো দায়িত্ব মহিলাৰ কান্ধত...
Published on
Updated on

ডিজিটেল ডেস্কঃ ছত্তিশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে মহিলাই এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ ৰায়পুৰৰ ২০১ টা ভোট কেন্দ্ৰৰ সকলো দায়িত্ব কান্ধ পাতি লৈছে কেৱল মহিলাই।

ৰায়পুৰৰ এই ২০১ টা ভোটকেন্দ্ৰৰ সকলো দায়িত্বত আছে কেৱল মহিলা। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম। এই সন্দৰ্ভত জিলা প্ৰশাসনে এক বিবৃতিত কয়, প্ৰথমবাৰৰ বাবে ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত মহিলাই কান্ধ পাতি লৈছে ভোটগ্ৰহণৰ সকলোবোৰ দায়িত্ব।

২০১ টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইদিং অফিচাৰ, পোলিং অফিচাৰ সকলো মহিলা। উল্লেখ্য, ছত্তিশগড়ত দ্বিতীয় পৰ্যায়ত ৭০ খন আসনত ভোটগ্ৰহণ চলি আছে। প্ৰথম পৰ্যায়ত ২০ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক হাৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে মাওবাদীৰ আক্ৰমণো সংঘটিত হৈছিল। তাৰ পাছতো মহিলাৰ হাততে এইদৰে সকলো দায়িত্ব প্ৰদান কৰা বিষয়টো অতি সাহসী সিদ্ধান্ত হিচাপে পৰিগণিত হৈছে।

ভাৰতীয় গণতন্ত্ৰত প্ৰথমবাৰৰ বাবে ২০১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো দায়িত্ব মহিলাৰ কান্ধত...
Chhattisgarh Assembly Election Live Updates: অন্ত পৰিল ভোটগ্ৰহণঃ ই ভি এমত আৱদ্ধ জনতাৰ জনাদেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in