ডিজিটেল ডেস্কঃ এক বিভৎস ঘটনা। অন্ধ বিশ্বাসৰ গৰাহত পৰি এখন শিক্ষানুষ্ঠানৰ সঞ্চালক, শিক্ষকে সংঘটিত কৰিলে নাকৰীয় ঘটনা। বিদ্যালয়ৰ উন্নতি, সন্মান বৃদ্ধিৰ বাবেই দ্বিতীয় শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীক বলি দিলে স্বয়ং শিক্ষকে।
আধুনিক মানৱ সভ্যতা, শিক্ষা ব্যৱস্থাক চূড়ান্ত পৰ্যায়ত ভেঙুচালি কৰি এই জঘন্য ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ঘটনাৰ মূল অভিযুক্ত এখন বেচৰকাৰী বিদ্যালয়ৰ সঞ্চালক। তাৰোপৰি এই ঘটনাৰে জড়িত থকাৰ অভিযোগ সঞ্চালকগৰাকীৰ পিতৃ আৰু আন তিনি শিক্ষকৰ বিৰুদ্ধে।
উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হোৱা এই ঘটনাৰ সৈতে জড়িত ৫ জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে হাথৰছৰ ৰাছগাওঁ অঞ্চলত ডি এল পাব্লিক স্কুলৰ সঞ্চালক, তেওঁৰ পিতৃ আৰু সেই বিদ্যালয়ৰ তিনি শিক্ষকে বিদ্যালয়খনৰ উন্নতিৰ বাবে নৰবলিৰ পৰিকল্পনা কৰিছিল।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই বেচৰকাৰী বিদ্যালয়খন যোৱা কিছু দিনৰ পৰা লোকচানৰ সন্মুখীন হৈ আহিছিল। বিদ্যালয়খনৰ সঞ্চালকগৰাকীৰ পিতৃয়ে ক'লা যাদুৰ চৰ্চা কৰিছিল।
সেয়ে পুত্ৰৰ লোকচান হৈ থকা বিদ্যালয়ৰ উন্নতি আৰু সন্মান বৃদ্ধিৰ বাবে নৰবলিৰ পৰিকল্পনা কৰে। সঞ্চালকগৰাকীৰ পিতৃৰ মতে বিদ্যালয়ৰ এজন ছাত্ৰক যদি ঈশ্বৰৰ নামত উৎসৰ্গা কৰা হয় তেন্তে বিদ্যালয়ে উন্নতি কৰাৰ লগতে স্কুলৰ সন্মানো বৃদ্ধি পাব।
আৰক্ষীয়ে কয়, ছেপ্টেম্বৰ মাহত বিদ্যালয়খনৰ হোষ্টেলৰ পৰা একাধিকবাৰ শিক্ষাৰ্থীক তুলি নি বলি দিয়াৰ চেষ্টা কৰা হৈছিল। প্ৰথমবাৰ নৰবলি দিবলৈ চেষ্টা কৰিছিল ৬ ছেপ্টেম্বৰত। কিন্তু সেইবাৰ যিজন শিক্ষাৰ্থীক বলি দিয়াৰ পৰিকল্পনা কৰা হৈছিল সেই শিক্ষাৰ্থী সতৰ্ক হৈ পৰাত তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ হয়।
২২ ছেপ্টেম্বৰত পুনৰ নৰবলিৰ বাবে তেওঁলোকে চেষ্টা কৰে। এইবাৰ তেওঁলোক সফল হয়। ২৩ ছেপ্টেম্বৰত উদ্ধাৰ হয় এটি শিশুৰ নিথৰ দেহ। মৃত শিশুটিৰ অভিভাৱকে উল্লেখ কৰা মতে প্ৰথমে তেওঁলোকক হোষ্টেলৰ পৰা ফোন কৰি জনাইছিল তেওঁলোকৰ সন্তান অসুস্থ। হাস্পতাললৈ লৈ যোৱা হৈছে।
লগে লগে শিশুটিৰ অভিভাৱক বিদ্যালয়লৈ যায়। বিদ্যালয়ত তেওঁক জনাই শিশুটিক হাস্পতাললৈ লৈ যোৱা হৈছে। কিন্তু হাস্পতাললৈ গৈ দেখে অভিযুক্তৰ বাহনতহে তেওঁৰ সন্তানৰ নিথৰ দেহ পৰি আছে।
ইয়াৰ পিছতে ভুক্তভোগী শিশুটিৰ অভিভাৱক কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে হোষ্টেল আৰু বিদ্যালয়ত অভিযান চলাই। এই অভিযানতে বিদ্যালয়ৰ ছাদত ক'লা যাদুৰ কিছু সামগ্ৰী উদ্ধাৰ কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে জানিব পাৰে বিদ্যালয়ৰ সঞ্চালকগৰাকীৰ পিতৃয়ে ক'লা যাদুৰ চৰ্চা কৰে। ইয়াৰ পিছতেই সমগ্ৰ বিষয়টো পৰিস্কাৰ হৈ পৰে। এই গোটেই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বিদ্যালয়খনৰ সঞ্চালকগৰাকী, তেওঁৰ পিতৃ আৰু ৩ গৰাকী শিক্ষকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
Also Read: আমেৰিকাত এজন ষড়যন্ত্ৰকাৰীৰ নাম ল'লে মহম্মদ ইউনুছে...