কাক দিব নেতৃত্ব, কোনে পাব কেইখন আসন! আজি দিল্লীত বিৰোধী মৰ্চা ইণ্ডিয়াৰ বৈঠক

কাক দিব নেতৃত্ব, কোনে পাব কেইখন আসন! আজি দিল্লীত বিৰোধী মৰ্চা ইণ্ডিয়াৰ বৈঠক

author-image
Asomiya Pratidin
New Update
বিজেপিৰ বিৰুদ্ধে ৰণকৌশল! আজি বেংগালুৰত ২৬ বিৰোধী দলৰ বৈঠক

ডিজিটেল ডেস্কঃ বিৰোধী মৰ্চা ইণ্ডিয়াৰ চতুৰ্থখন বৈঠক মঙলবাৰে অনুষ্ঠিত হব ৰাজধানী দিল্লীত। ইয়াৰ পূৰ্বে পাটনা আৰু মুম্বাইত অনুষ্ঠিত হৈছিল এই বৈঠক। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমত বেনাৰ্জী, আৰজেডিৰ অধ্যক্ষ লালু যাদৱ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱকে ধৰি কেইবাগৰাকী বিশিষ্ট নেতা ইতিমধ্যে দিল্লীত উপস্থিত হৈছে। এই বৈঠক বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও অংশগ্ৰহণ কৰিব।

এই বৈঠকত ৰাজ্যসমূহৰ মাজত আসন ভাগ-বতৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱণা আছে। কিয়নো কিছু নেতা ৩১ ডিচেম্বৰৰ আগতেই এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত জোৰ দি আছে।

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে ৰণনীতি প্ৰস্তুত কৰা। বিকল্প উমৈহতীয়া কাৰ্যসূচী প্ৰস্তুত কৰাত কিমান সফল হয় বিৰোধী সেয়া লক্ষণীয় হ'ব।

সূত্ৰ অনুসৰি সমাজবাদী পাৰ্টি আৰু ডিএমকেৰ দৰে কিছুমান দলে কংগ্ৰেছৰ সৈতে আসন ভাগ-বতৰা চুক্তি চূড়ান্ত কৰিব পাৰে। উল্লেখ্য যে, সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশত কংগ্ৰেছক ৮ খন আসন দিবলৈ সাজু, কিন্তু কংগ্ৰেছে অধিক আসন দাবী কৰিছে।

গতিকে আসন ভাগ-বতৰাৰ সমস্যা কেনেদৰে সমাধান কৰে বিৰোধীয়ে সেয়া সময়ত দেখা যাব। তদুপৰি বিৰোধী মৰ্চাৰ দায়িত্ব কাক দিয়া হয় তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব। ইতিমধ্যে তৃণমূল কংগ্ৰেছে দাবী কৰিছে যে বিৰোধী মৰ্চাৰ নেতৃত্ব মমতা বেনাৰ্জীক দিব লাগে।

Also Read: সুৰা কেলেংকাৰীঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন

congress tmc india