মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে আজি 'ইণ্ডিয়া'ৰ বিশাল ৰেলী

মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে আজি 'ইণ্ডিয়া'ৰ বিশাল ৰেলী
Published on
Updated on

ডিজিটেল ডেস্কঃ দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ'ব আপৰ দ্বাৰা আয়োজন কৰা ইণ্ডিয়া মিত্ৰজোটৰ বিশাল ৰেলী। ইয়াৰ ওপৰত লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে নিৰাপত্ত শক্তিশালী কৰিছে।

ৰামলীলা ময়দানৰ প্ৰতিখন গেটত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এছপি) মুৰব্বী শৰদ পাৱাৰ আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই ৰেলীত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

ৰামলীলা ময়দানত হ'বলগীয়া ''লোকতন্ত্ৰ বচাও'' ৰেলী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি আয়োজন কৰা হৈছে। যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। সুৰা নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান ইডিৰ জিম্মাত আছে।

মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে আজি 'ইণ্ডিয়া'ৰ বিশাল ৰেলী
বিজেপিৰ 'কৰ সন্ত্ৰাস’ৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in