ঘোষণা হ'ল ৬ ৰাজ্যৰ উপ-নিৰ্বাচনীৰ ফলাফল

শুকুৰবাৰে ঘোষণা হ'ল ৬ ৰাজ্যৰ ৭ সমষ্টিৰ উপ-নিৰ্বাচনীৰ ফলাফল।

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল ৬ ৰাজ্যৰ উপ-নিৰ্বাচনীৰ ফলাফল

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ঘোষণা হ'ল ৬ ৰাজ্যৰ ৭ সমষ্টিৰ উপ-নিৰ্বাচনীৰ ফলাফল। "INDIA" গঠন হোৱাৰ পাছত দেশৰ ৬ ৰাজ্যৰ ৭টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনী ফলাফলত বিজেপিয়ে ৩খন আসন লাভ কৰাৰ বিপৰীতে "INDIA"ই ৪ ৰাজ্যৰ ৪ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

ফলাফল অনুসৰি পশ্চিমবংগৰ ধূপগুৰিত তৃণমূল কংগ্রেছৰ নিৰ্মল চন্দ্ৰ ৰায়ে জয়লাভ কৰাৰ বিপৰীতে ত্ৰিপুৰাৰ দুয়োটা সমষ্টিত বিজেপিয়ে জয়লাভ কৰে। ত্ৰিপুৰাৰ বাক্সানগৰ সমষ্টিত বিজেপি প্ৰাৰ্থী তফজ্জল হুছেইন, ধনপুৰ সমষ্টিত বিন্দু দেৱনাথে জয়লাভ কৰে।

ইয়াৰ বিপৰীতে কেৰালাৰ পুথুপল্লী সমষ্টিত কংগ্রেছ প্ৰাৰ্থী চাণ্ডী ঔমানে জয়লাভ কৰে। ঠিক একেদৰে উত্তৰ প্রদেশৰ ঘোচি সমষ্টিত সমাজবাদী দলৰ প্ৰাৰ্থী সুধাকৰ সিঙে জয়লাভ কৰিবলৈ সক্ষম হয়। আনহাতে উত্তৰাখণ্ডৰ বাগেশ্বৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পাৰ্ৱতী দাসে জয়লাভ কৰে। সমান্তৰালভাবে ঝাৰখণ্ডৰ ডুমৰী সমষ্টিত বেবী দেৱী নামৰ প্ৰাৰ্থীগৰাকীয়ে ঝাৰখণ্ড মুক্তি মৰ্চাৰ হৈ প্ৰতিদন্দিতা আগবঢ়াই বিজয় সাব্যস্ত কৰিছে।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বিকৃত ৰূপত অসমীয়াৰ হিয়াৰ আমঠু বিহু

india bharatiya janata party By Election-2023