ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগৰ বাবে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল সোমবাৰৰ দিনটো। প্ৰথমবাৰৰ বাবে ভাৰতে আকাশ ছিষ্টেমৰ এটা ছেটেলাইট বেটাৰী বিদেশী দেশলৈ ৰপ্তানি কৰিলে।
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ চৰকাৰী প্ৰতিষ্ঠান ভাৰত ইলেক্ট্ৰনিছ লিমিটেডে এই ৰপ্তানি নিশ্চিত কৰিছে। ই ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
প্ৰতিৰক্ষা উৎপাদন সচিব সঞ্জীৱ কুমাৰে বেংগালুৰুত আনুষ্ঠানিকভাৱে আকাশ ছিষ্টেমৰ বেটাৰী ফ্লেগ অফ কৰিলে। অৱশ্যে কোনখন দেশলৈ এই ৰপ্তানি কৰা হৈছে সেই বিষয়ে কোনো কথাই ৰাজহুৱাকৈ উল্লেখ কৰা হোৱা নাই।
তথাপিও ভাৰতে এই ৰপ্তানি আৰ্মেনিয়ালৈ কৰা বুলি চৰ্চা চলিছে।কাৰণ সম্প্ৰতী ভাৰত আৰু আৰ্মেনিয়াৰ মাজত বহু কেইটা প্ৰতিৰক্ষা চুক্তি সম্পন্ন হৈছে।
আৰ্মেনিয়াই ভাৰতৰ পৰা নানান ধৰণৰ প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় কৰিছে। আৰ্মেনিয়াই ২০২০ চনৰ নাগৰ্নো-কাৰাবাখ যুদ্ধৰ পাছৰে পৰা ভাৰতক প্ৰতিৰক্ষা সৰবৰাহৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গ্ৰহণ কৰি আহিছে।
ভাৰতৰ আকাশ ছিষ্টেমৰ ৰপ্তানি আৰ্মেনিয়া আৰু ভাৰতৰ প্ৰতিৰক্ষা কূটনৈতিক সম্পৰ্কত এক বৃহৎ সাফল্য হিচাপে বিবেচিত হোৱাৰ লগতে ভূ-ৰাজনীতিত ভাৰতৰ প্ৰভাৱ বৃদ্ধিৰ ইংগিত বহন কৰিছে।
ভাৰত ইলেক্ট্ৰনিকছে তেওঁলোকৰ সামাজিক মাধ্যমত এক পোষ্ট কৰি এই ৰপ্তানিক ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে। তেওঁলোকে কৈছে এই ৰপ্তানিয়ে ভাৰতীয় প্ৰযুক্তি আৰু আত্মনিৰ্ভৰশীল উৎপাদনৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান সক্ষমতাক তুলি ধৰিছে।
আকাশ ছিষ্টেমত ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। যাৰ ভিতৰত ৰাডাৰ, মিছাইল গাইডেন্স আৰু কামাণ্ড-কণ্ট্ৰোল ছিষ্টেমসহ নানান সহায়ক প্ৰযুক্তি সৰবৰাহ কৰিছে।
ভাৰতে প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধি কৰাৰ বাবে 'মেক ইন ইণ্ডিয়া' উদ্যোগত কাম কৰি আছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতে প্ৰতিৰক্ষা ৰপ্তানিত প্ৰায় ২.৬৩ বিলিয়ন ডলাৰ অৰ্থাৎ ২১,০৮৩ কোটি টকা উপাৰ্জন কৰিছে। তাৰ পূৰ্বৰ বছৰৰ তুলনাত এই পৰিমাণ আছিল ৩২.৫ শতাংশ অধিক।