পুনৰ অভিলেখ ভাৰতৰ ! পিছে ইতিবাচক নহয়, নেতিবাচকহে...

বিশ্বৰ আটাইতকৈ বেছি অস্ত্ৰ আমদানিকৰ্তা হিচাপে পুনৰ বিবেচিত ভাৰত। ২০১৮-২০২২ বৰ্ষৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ আমদানিকৰ্তা আৰু ৰাছিয়া হৈছে ভাৰতৰ বাবে সৰ্ববৃহৎ অস্ত্ৰ যোগানকাৰী।

author-image
Asomiya Pratidin
New Update
পুনৰ অভিলেখ ভাৰতৰ ! পিছে ইতিবাচক নহয়, নেতিবাচকহে...

ডিজিটেল ডেস্ক: ২০১৮-২০২২ বৰ্ষৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ আমদানিকৰ্তা আৰু ৰাছিয়া হৈছে ভাৰতৰ বাবে সৰ্ববৃহৎ অস্ত্ৰ যোগানকাৰী।

এই তথ্য প্ৰকাশ পাইছে, ষ্টকহম আন্তৰ্জাতিক শান্তি গৱেষণা প্ৰতিষ্ঠানৰ (এছআইপিআৰআই) প্ৰতিবেদনত। দুখৰ কথাটো হ’ল যে, ১৯৯৩ চনৰ পৰাই ভাৰত সৰ্ববৃহৎ আমদানিকৰ্তা। আনহাতে চৌদি আৰৱ,  কাটাৰ,  অষ্ট্ৰেলিয়া, চীন অন্যতম শীৰ্ষ অস্ত্ৰ আমদানিকৰ্তা হিচাপে আছে যদিও ভাৰত এই ক্ষেত্ৰত প্ৰথম।

প্ৰতিবেদন অনুসৰি,  ৰাছিয়াই ভাৰতক সৰ্ববৃহৎ অস্ত্ৰ যোগান ধৰি আহিছে।  যি ২০১৮ৰ পৰা ২০২২ চনৰ ভিতৰত মুঠ আমদানিৰ ৪৫% বহন কৰে। আনহাতে ফ্ৰান্সে ভাৰতৰ আমদানিত ২৯% অস্ত্ৰ যোগান ধৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰই ১১% অস্ত্ৰ যোগান ধৰি আহিছে।

অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বব্যাপী অস্ত্ৰ ৰপ্তানিত ৪০% অস্ত্ৰ যোগান ধৰাৰ হেতুকে বিশ্বব্যাপী অস্ত্ৰ ব্যৱসায়ৰ পিতৃ বুলি বিবেচিত হৈছে। এই ক্ষেত্ৰত ৰাছিয়া,  ফ্ৰান্স,  চীন, জাৰ্মানী হৈছে আন বৃহৎ অস্ত্ৰ ৰপ্তানিকৰ্তা।

ইয়াৰ মাজতে ভাৰতৰ বাবে ভাল খবৰটো হ’ল যে, চুইডিছ থিংক টেংকৰ (Swedish Think Tank) প্ৰতিবেদনত কেইবাটাও আশাব্যঞ্জক তথ্য প্ৰকাশ পাইছে। প্ৰথমে, ২০১৩-১৭ বৰ্ষৰ পৰা ২০১৮-২২ বৰ্ষৰ ভিতৰত ভাৰতৰ অস্ত্ৰ আমদানি ১১% হ্ৰাস পাইছে। লগতে, ৰাছিয়াৰ ওপৰত ভাৰতৰ অত্যাধিক নিৰ্ভৰশীলতা হ্ৰাস হোৱাৰো পৰিলক্ষিত হয়। ২০১৮-২০২২ চনৰ ভিতৰত, ৰাছিয়াৰ পৰা ভাৰতৰ অস্ত্ৰ আমদানি ৬৪%ৰ পৰা ৪৫% লৈ হ্ৰাস পাইছে। যি ভাৰতৰ অৱশ্যে ধনাত্মক দিশ।

ইয়াৰ কাৰণ হিচাপে আমি বিবেচনা কৰি চালে ভাৰতৰ শেহতীয়াকৈ 'আত্মনিৰ্ভৰভাৰত'ক লৈ চলা প্ৰস্তুতিৰ কথা উল্লেথ কৰিব পাৰো। ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ বাবে শেহতীয়া বাজেটত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা মূলধন ক্ৰয় বাজেট ৭৫% নিৰ্ধাৰণ কৰিছে। বিদেশী উৎসৰ পৰা প্ৰতিৰক্ষা ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতৰ ব্যয়ও ২০১৮ চনত ৪৬% ৰ পৰা ২০২২ চনত ৩৬.৭% লৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে, মোডী চৰকাৰে প্ৰতিৰক্ষা আৰু মহাকাশখণ্ডত ১,৭৫,000 কোটি টকাৰ ঘৰুৱা লেনদেন প্ৰাপ্ত কৰাৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰাৰো পৰিলক্ষিত হয়। যি ২০২৪-২৫ বৰ্ষৰ ভিতৰত ৩৫,০০০ কোটি টকাৰ ৰপ্তানি প্ৰাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে।

পিছে ভাৰতে এই উচ্চাকাংক্ষী লক্ষ্যসমূহ প্ৰাপ্ত কৰিবলৈ হ’লে দ্ৰুত গতিত কাম কৰিব লাগিব। আৰু যেতিয়া লৈকে ভাৰতে এই লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰে তেতিয়ালৈকে হয়তু পৃথিৱীৰ সৰ্ববৃহৎ অস্ত্ৰ আমদানিকৰ্তাৰ টেগ ভাৰতৰ সৈতে থাকিবই।

Also Read: Heart Health: হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ উপায়

Government of India