ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত ভাৰত-পাক সীমান্তত গুলীচালনা। নিশা প্ৰায় ৮ বজাত সীমান্ত সুৰক্ষা বাহিনীৰ ভাৰতীয় চকীত পাকিস্তানী সৈন্যই গুলীচালনা কৰে। পাকিস্তানৰ গুলীচালনাত আহত সেনাৰ দুই জোৱানসহ ৫জন লোক। লগতে ক্ষতি হয় ৫টাকৈ বাসগৃহ।
ভাৰতীয় সৈন্যই পাকিস্তানৰ পৰা হোৱা গুলীচালনাপ যথাযথ প্ৰত্যুত্তৰ দিয়ে বুলি বি এছ এফৰ বিষয়াসকলে জনায়। কুপৱাৰাৰ মাছিল ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত আৰক্ষী আৰু সেনাৰ যৌথ অভিযানৰ কেইঘণ্টামান পিছতে আৰনিয়া খণ্ডত এই যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত হয়।
মাছিল খণ্ডৰ অভিযানত নিয়ন্ত্ৰণ ৰেখাৰ কাষত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰাৰ ফলত ৫জন লস্কৰ-ই-টয়বা (লেটি) সন্ত্ৰাসবাদী নিহত হয়। ঘটনাস্থলীৰ পৰা ৫টা এ কে ছিৰিজৰ ৰাইফল আৰু অন্যান্য অপৰাধমূলক সামগ্ৰীকে ধৰি অস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল মজুত উদ্ধাৰ কৰা হৈছে বুলি বিষয়াসকলে জনায়। কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে কয় যে, এই অভিযানত এতিয়ালৈকে ৫জন সন্ত্ৰাসবাদী নিহত হৈছে।
উল্লেখ্য যে, ৪দিন পূৰ্বে উৰি ছেক্টৰত অনুপ্ৰৱেশৰ ব্যৰ্থ অভিযানত ২জন সন্ত্ৰাসবাদী নিহত হৈছিল। জুন মাহত মুঠ ১১ জন অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰে ৪জনক মেচিল ছেক্টৰত আৰু ৫ জন কেৰাণ ছেক্টৰৰ ওচৰৰ জুমাগুণ্ড অঞ্চলত গুলীওৱা হৈছিল।
Also Read: জামুগুৰিহাটত চুটি ছবি “দেৱী বিসৰ্জন”ৰ ট্ৰেইলাৰ মুকলি